চিচিবৰগাঁও মহাবিদ্যালয়ত নন্দীগিৰী ভূঞা সমাজ কল্যাণ গোটৰ পৰ্যালোচনা সভা অনুষ্ঠিত

চিচিবৰগাঁও মহাবিদ্যালয়ত নন্দীগিৰী ভূঞা সমাজ কল্যাণ গোটৰ পৰ্যালোচনা সভা অনুষ্ঠিত

author-image
Asomiya Pratidin
New Update
চিচিবৰগাঁও মহাবিদ্যালয়ত নন্দীগিৰী ভূঞা সমাজ কল্যাণ গোটৰ পৰ্যালোচনা সভা অনুষ্ঠিত

ডিজিটেল সংবাদ,ধেমাজিঃ নন্দীগিৰী ভূঞা সমাজ কল্যাণ গোটৰ চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অধীনৰ প্ৰায় শতাধিক সমিতিৰ বিষয়ববীয়াৰ সৈতে দেওবাৰে চিচিবৰগাঁও মহাবিদ্যালয়ত এখন সভা আয়োজন কৰা হয়। দিগন্ত ভূঞাই আঁত ধৰা সভাৰ সভাপতিত্বত কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ কমল গগৈয়ে।

Advertisment

হোমেন সোণোৱালে উদ্দেশ্য ব্যাখ্যা কৰা সভাত মূলতঃ আগত্তক দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস জাকত জিলিকাৰে উদযাপন কৰাৰ উপৰিও সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ১৫ আগষ্টত নন্দীগিৰি ভূঞা সমাজ কল্যাণ গোটৰ পূৰ্ণাংগ সমিতি খন ৰাইজৰ আগত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব।

উল্লেখ্য যে বিগত প্ৰায় ১০ বছৰৰ পৰা নন্দীগিৰি ভূঞাই নিজৰ উপাৰ্জনৰ ২৫% ধন সমাজৰ আৰ্তজনৰ হিতৰ বাবে আগবঢ়াই আহিছে। উক্ত ধনেৰে বৰ্তমান ট্ৰাষ্ট খনে দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থী আৰু দুৰাৰোগ্য ৰোগত আক্রান্ত লোক সকলৰ সেৱাৰ বাবে সমাজত কাম কৰি যাব বুলি উল্লেখ কৰে। সভাত চিচিবৰগাঁও সমষ্টিৰ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত থকা বুদ্ধিজীৱী, সমাজকৰ্মী সকলৰ লগতে পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে।

Sisibargaon collage