/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/ukraine-1.png)
ডিজিটেল ডেস্ক: অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ। ইয়াৰ মাজতে ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ ইউক্ৰেইনৰ সেনাত অন্তৰ্ভুক্ত হয় এগৰাকী ভাৰতীয় যুৱক। এই যুৱকজন তামিলনাডুৰ বুলি জানিব পৰা গৈছে। তেওঁ ইয়াৰ পূৰ্বে ভাৰতীয় সেনাৰ বাবেও পৰীক্ষা দিছিল যদিও তাত সফলতা লাভ কৰা নাছিল।
২১ বছৰীয়া চৈনিকেশ ৰবিচদ্ৰনে যোগদান কৰে ইউক্ৰেইনৰ সেনাত। এই সন্দৰ্ভত ভাৰতীয় বিষয়াই যুৱকজনৰ পৰিয়ালৰ লগত কথা পাতে আৰু তেতিয়াই তেওঁলোকে কয় যে যুৱক জনে ভাৰতীয় সেনাত যোগদান কৰাৰো বহু চেষ্টা কৰিছিল।
২০১৮ চনৰ পৰা তেওঁ ইউক্ৰেইনতে অধ্যয়ন কৰি আছে। যেতিয়া ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হয় তেতিয়া পৰিয়ালৰ লোকে যুৱকজনক যোগাযোগ কৰাৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় আৰু পাছত যুৱকজনে জনাই যে তেওঁ ইউক্ৰেইনৰ সেনাত যোগদান কৰিছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে ইউক্ৰেইনে ঘোষণা কৰিছিল যে তেওঁলোকে এটা গোট বনাইছে য'ত বিদেশী লোকে যোগদান কৰিব পাৰিব। তাৰ পাছতে বিভিন্ন দেশৰ নাগৰিকে যোগদান কৰিছে ইউক্ৰেইনৰ সেনাত।