/asomiyapratidin/media/media_files/2025/03/13/GMPInYCnzu3THR1Fmiae.png)
ডি এম কে চৰকাৰে আঁতৰালে টকাৰ চিহ্ন '₹' ক
ডিজিটেল সংবাদ: তামিলনাডুত হিন্দী ভাষাক লৈ সৃষ্টি হোৱা বিবাদ আৰু হৈ-চৈৰ মাজতে ষ্টেলিন চৰকাৰে হাতত লৈছে এটা ডাঙৰ পদক্ষেপ। ডি এম কে চৰকাৰে আঁতৰাইছে হিন্দীত থকা টকাৰ চিহ্ন '₹' ক। তাৰ সলনি ব্যৱহাৰ কৰিছে 'ரூ' প্ৰতীক। প্ৰথমবাৰৰ বাবে কোনো এখন ৰাজ্যই সলনি কৰিছে টকাৰ প্ৰতীকক। চেন্নাইৰ পৰা দিল্লীলৈকে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ কৰি হিন্দী জাপি দিয়াৰ অভিযোগত তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তামিলনাডু চৰকাৰৰ এই পদক্ষেপৰ পাছতে এতিয়া দেশজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষা নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। তেওঁ কৈছিল, ‘এন ই পি কোনো শিক্ষা নীতি নহয়। ইয়াৰ উদ্দেশ্য ভাৰতৰ বিকাশ নহয় বৰঞ্চ হিন্দী ভাষাৰ বিকাশহে। আমি এন ই পিৰ বিৰোধিতা কৰোঁ কিয়নো ইয়াৰ দ্বাৰা শিক্ষা খণ্ডত তামিলনাডুৰ অগ্ৰগতি সম্পূৰ্ণৰূপে ধ্বংস হ’ব।
ষ্টেলিনে লগতে কয় , এন ই পিয়ে সংৰক্ষণ গ্ৰহণ নকৰে। তেওঁৰ অভিযোগ, ‘এন ই পিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীক সহায় আগবঢ়োৱাৰ অস্বীকাৰ কৰিছে।’ বিজেপিক আক্ৰমণ কৰি ষ্টেলিনে কয় যে বিগত ১০ বছৰত তামিলনাডুৰ উন্নয়ন বেয়াকৈ প্ৰভাৱিত হৈছে।
তামিলনাডু চৰকাৰে নতুন শিক্ষা নীতিৰ মূল দিশসমূহ বিশেষকৈ তিনিভাষিক সূত্ৰ কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ৰাজ্যখনক দিয়া ৫৭৩ কোটি টকাৰ প্ৰথম কিস্তিৰ সাহায্য বন্ধ কৰি দিয়ে। ইয়াৰ পিছত কেন্দ্ৰৰ ওপৰত খং উঠে মুখ্যমন্ত্ৰী ষ্টেলিনৰ। নীতিৰ সৈতে জড়িত নিয়ম অনুসৰি সৰ্বশিক্ষা অভিযানৰ বাবে আৰ্থিক সাহায্য লাভ কৰিবলৈ ৰাজ্যসমূহে এন ই পিৰ নিৰ্দেশনা মানি চলাটো আছিল বাধ্যতামূলক।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us