/asomiyapratidin/media/media_files/2025/06/22/pm-2025-06-22-16-46-48.jpeg)
ডিজিটেল সংবাদ, তামাৰহাটঃ তামাৰহাটৰ বৰখচুৱা গাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পানীত পৰি কৰুণ মৃত্যুক সাৱটি ললে দুই ছাত্ৰীয়ে। দেওবাৰে স্কুল বন্ধ হোৱাৰ বাবে বৰজান গাঁৱৰ দুই ছাত্ৰী আহিছিল মাছ মাৰিবলৈ। বৰখচুৱা গাঁৱত থকা এটা গাঁতত পৰি সলিল সমাধি ঘটে দুই ছাত্ৰীৰ। মৃত ছাত্ৰী দুগৰাকী বৰজান গাঁৱৰ জয়নাল শেখৰ কন্যা ৰেশমীনা পাৰবীন আৰু কুদ্দুছ শেখৰ কন্যা কুলছুমা খাতুন ওৰফে পাৰুল ।
ইয়াৰে ৰেশমীনা পাৰবীন বৰজান এম.ই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী। আনহাতে কুলছুমা খাতুন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। স্থানীয় ৰাইজে দুয়োকে গাঁতত পৰি থকা দেখি উদ্ধাৰ কৰি পৰিয়ালক খবৰ দিয়ে। পৰিয়ালৰ লোকে দুয়োকে তামাৰহাট প্ৰাথমিক চিকিৎসালয়লৈ নিয়ে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গৌৰীপুৰ নাৰ্চিংহোমলৈ লৈ যায়। পিছত চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।
ইপিনে, নীতি বহিৰ্ভূত ভাৱে শিল বালি বিক্ৰী কৰি গাত খান্দি থোৱাত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। সমগ্ৰ ঘটনাকলৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।