লখিমপুৰ জিলা যুৱ পৰিষদৰ কাৰ্যভাৰ গ্ৰহণ

আঞ্চলিকতাবাদৰ বুনিয়াদত গঠিত ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ । অসম আৰু অসমীয়াৰ জাতীয় অস্তিত্ব সুৰক্ষিত কৰাৰ লক্ষ্যৰে গঠিত এই আঞ্চলিক দল অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ অন্যতম সবল সাংগঠনিক ভেঁটি যুক্ত লখিমপুৰ জিলা সমিতিখন পুনৰ গঠন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
AP FOR WEB yuba

ডিজিটেল সংবাদ,ঢকুৱাখনা : আঞ্চলিকতাবাদৰ বুনিয়াদত গঠিত ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ । অসম আৰু অসমীয়াৰ জাতীয় অস্তিত্ব সুৰক্ষিত কৰাৰ লক্ষ্যৰে গঠিত এই আঞ্চলিক দল অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ অন্যতম সবল সাংগঠনিক ভেঁটি যুক্ত লখিমপুৰ জিলা সমিতিখন পুনৰ গঠন কৰা হয় ।

Advertisment

লখিমপুৰ জিলা অগপৰ কাৰ্যালয় গণ ভৱনত সোমবাৰে ইতিপূৰ্বে গঠিত প্ৰশান্ত বুঢ়াগোহাঁই নেতৃত্বৰ জিলা যুৱ পৰিষদৰ নতুন পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহক সমিতিখনে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে । দিনজোৰাকৈ অনুষ্ঠিত জিলা যুৱ পৰিষদৰ কাৰ্যভাৰ গ্ৰহণ সভাত সভাপতিত্ব কৰে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নোমল বৰাই ।

অসম গণ পৰিষদ দলৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, লখিমপুৰ জিলা অগপৰ সভাপতি দীপক বৰদলৈ ,অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক  অনিৰুদ্ধ দত্ত ,উপসভাপতি বিকাশ কুম্বাং,অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ধনমণি দত্ত, অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা তনুশ্ৰী গগৈ, লখিমপুৰ জিলা অগপৰ সম্পাদক বলিন দাস ,অগপৰ ঢকুৱাখনা সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক সমুজ্বল চেতিয়া, কৰুণাবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী চিমি কুমাৰী পাঠৰী, আঞ্চলিক সদস্য লাচিত মিচং, লখিমপুৰ জিলা অগপৰ অন্তৰ্গত পাঁচটা বিধানসভা সমষ্টিৰ সভাপতি সম্পাদক তথা অন্যান্য বিষয়ববীয়া উপস্থিত থকা জনাকীৰ্ণ সভাত অসম যুৱ পৰিষদৰ লখিমপুৰ জিলাৰ শক্তিশালী পূৰ্ণাঙ্গ সমিতিখনক দায়িত্ব অৰ্পণ কৰা হয়।  লগতে দ্বীপজ্যোতি বৰা, মনোজ বৰুৱা আৰু কুলধৰ সন্দিকৈক সম্পাদক হিচাপে লৈ এখন জিলা সমিতি গঠন কৰা হয়।

সাম্প্ৰতিক প্ৰেক্ষাপটত আঞ্চলিক ৰাজনীতিৰ প্ৰাসংগিকতা দোহাৰি বহু কেইজন বক্তাই অসম গণ পৰিষদৰ সাংগঠনিক ভেঁটি অধিক মজবুত কৰাৰ স্বাৰ্থত বিষয়ববীয়াৰ পৰা তৃণমূলৰ প্ৰতিগৰাকী কৰ্মীকে ব্ৰতী হোৱাৰ আহ্বান জনায় আৰু অগপৰ বাবে শুভ দিন আহি থকাৰ ইংগিত দিয়ে । জনাকীৰ্ণ সভাতেই আঞ্চলিকতাবাদৰ প্ৰতি আকৃষ্ট হৈ বহু সংখ্যক ব্যক্তিয়ে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ যোগদান কৰে ।

নৱাগতসকলক দলীয় নেতৃত্বই গামোচা আৰু দলীয় বস্ত্ৰৰে উষ্ণ আদৰণি জনাই । উল্লেখ্য যে সভাৰ পূৰ্বে নৱনিযুক্ত সভাপতি বুঢ়াগোহাঁইক আদৰি এক বিশাল বাইক সমদল উলিওৱা হয় । দলীয় শ্লোগানেৰে নগৰৰ ৰাজপথ উত্তাল কৰি লখিমপুৰৰ বাইপাছ তিনিআলি পৰা  টাউন হৈ দুৰ্গা মন্দিৰ সমীপেৰে গণ ভৱনত উপস্থিত হৈ সমদলটো  দলীয় সভাত মিলিত হয় ।

dhakuakhana