টাইৱান এথলেটিকছ অ’পেন-২০২৫ত ভাৰতৰ ৬টা স্বৰ্ণ পদক...

টাইৱান এথলেটিকছ মীটত ভাৰতীয় খেলুৱৈসকলে ছটাকৈ সোণৰ পদক লাভ কৰি প্ৰতিযোগিতাখনত আধিপত্য বিস্তাৰ কৰিছে। এই প্ৰতিযোগিতা বিশ্ব এথলেটিকছ কণ্টিনেণ্টেল টুৰ ব্ৰঞ্জ স্তৰৰ (অংশ হিচাপে টাইপেইত শনিবাৰে অনুষ্ঠিত হৈছিল।

author-image
Asomiya Pratidin
New Update
IMG_5205

IMG_5205 Photograph: (IMG_5205)

ডিজিটেল ডেস্কঃ টাইৱান এথলেটিকছ মীটত ভাৰতীয় খেলুৱৈসকলে ছটাকৈ সোণৰ পদক লাভ কৰি প্ৰতিযোগিতাখনত আধিপত্য বিস্তাৰ কৰিছে। এই প্ৰতিযোগিতা বিশ্ব এথলেটিকছ কণ্টিনেণ্টেল টুৰ ব্ৰঞ্জ স্তৰৰ (অংশ হিচাপে টাইপেইত শনিবাৰে অনুষ্ঠিত হৈছিল।

Advertisment

পুৰুষৰ ৪০০ মিটাৰ ৰিলেত ভাৰতীয় দলটোৱে আনুষ্ঠানিকভাৱে ছটা স্বৰ্ণপদক দখল কৰে। এই দলত আছিল গুৰিন্দৰবীৰ সিং (Gurindervir Singh), অনিমেশ কুজুৰ (Animesh Kujur), মনীকান্ত হব্লিধাৰ (Manikanta Hoblidhar) আৰু অম্লান বৰগোহাঁই (Amlan Borgohain)।

ভাৰতৰ জ্যোতি ইয়াৰ্ৰাজি (Jyothi Yarraji), তেজাছ আশোক শিৰ্চে (Tejas Ashok Shirse) আৰু আব্দুল্লা আবুবেক্কে (Abdulla Aboobacker) স্বৰ্ণপদক জয় কৰি ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। লগতে, মহিলা ১৫০০ মিটাৰ দৌৰত পূজাই আৰু মহিলা ৪০০ মিটাৰ ৰিলেত সুধীক্ষা ৱাদলুৰি (Sudheeksha Vadluri), স্নেহা শত্যানাৰায়ণ শানুভল্লি (Sneha Sathyanarayana Shanuvalli), অৱিনয়া ৰাজৰাজন (Abinaya Rajarajan) আৰু নিথ্যা গন্ধেৰে (Nithya Gandhe) গঠিত দলটোৱে সোণৰ পদক লাভ কৰে।

ভাৰত