কামৰূপ জিলা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস...

কামৰূপ জিলা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস...

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস...

ডিজিটেল সংবাদ, গুৱাহাটীঃ ১৯৭৪চনত পোন প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত পালন কৰা বিশ্ব পৰিৱেশ দিৱস সম্প্ৰতি সমগ্ৰ বিশ্বতে পালন কৰা হয়। ক্ৰমাগত গোলকীয় উষ্ণতা বৃদ্ধি তথা প্ৰদূষিত পৰিৱেশৰ পৰিপেক্ষিতত জনসাধাৰণৰ মাজত বৃক্ষৰোপনৰ গুৰুত্ব বৃদ্ধিৰে সজাগ কৰি পৃথিৱীক সেউজময় কৰি তোলাই এই দিৱস উদযাপনৰ মূল উদ্দেশ্য।

Advertisment

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত বৃক্ষৰোপন কাৰ্যসূচী আৰু সজাগতা সভাৰ আয়োজন কৰে। টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম মহিলা পৰিষদে যৌথভাৱে এই কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জয়মতী ট্ৰাষ্টৰ সভাপতি মানচাও ৰাজীৱ পানীফুকন।

টাই আহোম যুৱ পৰিষদক জিলা সভাপতি সঞ্জীৱ বৰুৱা, কাৰ্যকৰী সভাপতি দেৱজিত বুঢ়াগোহাই, যুটীয়া সম্পাদক জয়ন্ত গগৈ, টাই আহোম মহিলা পৰিষদৰ উপদেষ্টা গীতাঞ্জলী পানীফুকন, মুখ্য সম্পাদিকা জানমনি গগৈ, যুটীয়া সম্পাদিকা লাৱণ্য মহনৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

কাৰ্যসূচীৰ অংশ অনুসৰি জয়ানগৰস্থিত 'কোষা ভৱন', নটবমা মে ডাম মেফী প্ৰাংগন, বশিষ্ট জয়া স্মৃতি ট্ৰাষ্ট আদিৰ চৌহদত বৃক্ষৰোপন কাৰ্যসূচী আৰু সজাগতী সভা অনুষ্ঠিত কৰা হয়।

Also Read: আজি কলকাতাত সুনীল ছেত্ৰীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল...

Tai Ahom Yuva Parishad guwahati