গোগামুখত "টাবুৰাম টাইদ স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল’’ৰ শুভ উদ্বোধনঃ সন্মানিত য়েচে দৰজে ঠংছি

‘টাবুৰাম টাইদৰ অৱদানেৰে মিচিং সমাজ ধন্য হৈছে। শিক্ষাবিদ, ভাষাতত্ত্ববিদ, শিক্ষা প্ৰশাসক ৰূপে অধ্যাপক টাবুৰাম টাইদে অসমৰ জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে’।

author-image
Asomiya Pratidin
New Update
গোগামুখত "টাবুৰাম টাইদ স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল’’ৰ শুভ উদ্বোধনঃ সন্মানিত য়েচে দৰজে ঠংছি

ডিজিটেল সংবাদ, ধেমাজিঃ ‘টাবুৰাম টাইদৰ অৱদানেৰে মিচিং সমাজ ধন্য হৈছে, অসমৰ শিক্ষাবিদ আৰু এগৰাকী ভাষাতত্ত্ববিদ, শিক্ষা প্ৰশাসক ৰূপে অধ্যাপক টাবুৰাম টাইদে অসমৰ জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে’।- এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

Advertisment

শুকুৰবাৰে শিক্ষাবিদ তথা ভাষাবিদ টাবুৰাম টাইদ স্মৃতি ন্যাসৰ সৌজন্যত গোগামুখত স্থাপিত "টাবুৰাম টাইদ স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল"ৰ শুভ উদ্বোধন কৰি দুপৰীয়া অনুষ্ঠিত মুকলি সভাত মন্ত্ৰী পেগুৱে কয় যে, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ প্ৰতিষ্ঠাপক সঞ্চালক, মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি আদি বিভিন্ন শৈক্ষিক-সাংস্কৃতিক প্ৰতিষ্ঠানৰ দায়িত্ব সুদক্ষতাৰে পালন কৰা টাইদৰ অৱদানেৰে মিচিং সমাজখনো ধন্য হৈছে। 

তেওঁ বিজ্ঞান সন্মত লিপিৰ ব্যৱহাৰেৰে মিচিং ভাষা-সাহিত্য-সংস্কৃতিৰ সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত টাবুৰাম টাইদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল বুলি ভাষন প্ৰসংগত উল্লেখ কৰে৷ প্ৰয়াত শিক্ষাবিদ টাইডৰ ৮৩ সংখ্যক জন্মদিৱস উপলক্ষে আজি ওপজা দিনটোত সমাজ জীৱনৰ বৰেণ্য সত্বা টাইদৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি স্বৰূপে অসম চৰকাৰৰ উদ্যোগত, টাবুৰাম টাইদ স্মৃতি ন্যাসৰ সৌজন্যত গোগামুখত স্থাপিত "টাবুৰাম টাইদ স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল"টোৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। 

এই উপলক্ষে অনুষ্ঠিত মুকলি সভা আৰু অনুষ্ঠানৰ আঁত ধৰে টাবুৰাম টাইদ স্মৃতি ন্যাসৰ সদস্য সচিব নবীন কামানে৷  আজিৰ মুকলি সভাতেই অসম আৰু অৰুণাচল প্ৰদেশৰ বিশিষ্ট লেখক তথা প্ৰথিতযশা সাহিত্যিক পদ্মশ্ৰী য়েচে দৰজে ঠংছিক টাবুৰাম টাইদ সোঁৱৰণী ২০২৫ সাহিত্য বঁটা প্ৰদান কৰে৷ এই বঁটাত আছে অংগবস্ত্ৰ, মানপত্ৰ, স্মাৰক আৰু নগদ ৫০ হাজাৰ টকা আছে৷ 

আনহাতে মিছিং ভাষাৰ লেখক তথা সাহিত্যিক ড০ বিদ্যেশ্বৰ দলেক টাবুৰাম টাইদ সোঁৱৰণী মিছিং সাহিত্য বটাঁ প্ৰদান কৰে৷ বিশিষ্ট লেখক, গল্পকাৰ তথা সাংবাদিক পংকজ কুমাৰ দত্তক ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা ২০২৫ প্ৰদান কৰে৷

এই অনুষ্ঠানত মিছিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, মাজুলীৰ বিধায়ক ভূৱন গাম, জোনাইৰ বিধায়ক ভূৱন পেগু, অসম কলেজ শিক্ষক সন্থাৰ সভাপতি ড° জয়ন্ত বৰুৱা, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতোপন নেওগ, পুৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পুষ্প গগৈ, মিছিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সুনিল কুমাৰ পেগু, মিছিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগু. বিশিষ্ট চিকিৎসক ডা° পুষ্পধৰ পেগু, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° মৃদুল বৰদলৈ, মিছিং আগম কৗবাঙৰ সাধাৰণ সম্পাদক সোমেশ্বৰ কাপ্তাক, সোনোৱাল কছাৰী সাহিত্য সভাৰ প্ৰধান সম্পাদক মৃদুল সোনোৱাল, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলিপ কুমাৰ ঝা, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জিত শইকীয়া, ধেমাজি চিটি কলেজৰ অধ্যক্ষ ড০° দীপক বৰগোহাঁই, সোৱনশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়া, বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শিৰোমণি বৰুৱা, মিছিং বানে কৗবাঙৰ সাধাৰণ সম্পাদক ইন্দ্ৰেশ্বৰ পেগু, টাকাম মিছিং পৰিন কৗবাঙৰ সভাপতি তিলক দলে, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি বাবুল গোঁহাই, গোগামুখ শাখা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত গগৈ সহ ধেমাজি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু প্ৰতিষ্ঠানৰ লগতে বিভিন্ন দল সংগঠনৰ সভাপতি আৰু সম্পদক সকল উপস্থিত থাকে।

ডাঃ ৰণোজ পেগু টাবুৰাম টাইদ