টি-২০ বিশ্বকাপঃ বিশ্বকাপৰ পৰা বাহিৰ একালৰ বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজ...

ক্ৰিকেটৰ শিশু আয়াৰলেণ্ডৰ হাতত পৰাস্ত হৈ মূল পৰ্বত খেলাৰ পৰা বঞ্চিত হৈ টি-২০ বিশ্বকাপৰ পৰা আগতীয়াকৈ বিদায় একালৰ বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজৰ

author-image
Asomiya Pratidin
New Update
টি-২০ বিশ্বকাপঃ বিশ্বকাপৰ পৰা বাহিৰ একালৰ বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজ...

t-20 world cup

ডিজিটেল ডেস্কঃ ক্ৰিছ গেইল, ব্ৰায়ান লাৰা, পোলাৰ্ড আদিৰ দৰে তাৰকাৰ জন্ম দিয়া দেশ ৱেষ্ট ইণ্ডিজৰ প্ৰদৰ্শন আজি বিশ্ব ক্ৰিকেটত অতি নিম্নমানৰ। টি-২০ বিশ্বকাপ আৰু এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰাৰ সময়ৰ প্ৰদৰ্শন আৰু আজিৰ সময়ত কৰা প্ৰদৰ্শন যেন আকাশ-পাতাল পাৰ্থক্য।

Advertisment

সম্প্ৰতি অষ্ট্ৰেলিয়াত চলি আছে ২০২২ বৰ্ষৰ টি-২০ বিশ্বকাপ। সেয়ে যোগ্যতা অৰ্জন পৰ্বৰ মেচত ক্ৰিকেটৰ শিশু আয়াৰলেণ্ডৰ হাতত পৰাস্ত হৈ মূল পৰ্বত খেলাৰ পৰা বঞ্চিত হৈ টি-২০ বিশ্বকাপৰ পৰা আগতীয়াকৈ বিদায় একালৰ বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজৰ।

যোগ্য়তা অৰ্জনৰ বাবে শুকুৰবাৰে অনুষ্ঠিত মেচত কেৰেবিয়ান দলটোৱে আয়াৰলেণ্ডৰ বিৰুদ্ধে ৯ উইকেটত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বিদায় লয়। দলটোৱে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয়।

সেই অনুসৰি নিৰ্ধাৰিত ২০ অভাৰত আয়াৰলেণ্ডক জয়ৰ বাবে ১৪৭ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত আয়াৰলেণ্ডে মাত্ৰ এটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। দলটোৰ হৈ অপেনিঙ বেটছমেন পল ষ্টাৰ্লিঙে অপৰাজিত ৬৬ ৰানৰ বৰঙণি যোগায়। অন্যহাতে কেৰেৱিয়ান দলৰ হৈ ব্ৰেণ্ডন কিঙে ৬২ ৰান কৰাৰ বিপৰীতে অধিনায়ক নিকলাছ পুৰান ব্যৰ্থ হয়।

cricket west indise t20worldcup