টি-২০ বিশ্বকাপঃ পাকিস্তানক হৰুৱাই বিশ্ব চেম্পিয়ন ইংলেণ্ড...

বাটলাৰ বাহিনীয়ে বেন ষ্টোকছৰ অৰ্ধশতকৰ সহায়ত ১৯ অভাৰতে ৫টা উইকেটৰ বিনিময়ত বিজয় লক্ষ্য উপনীত হৈ বিশ্বকাপৰ খিতাপ দখল কৰে

author-image
Asomiya Pratidin
New Update
টি-২০ বিশ্বকাপঃ পাকিস্তানক হৰুৱাই বিশ্ব চেম্পিয়ন ইংলেণ্ড...

চেম্পিয়ন ইংলেণ্ড

ডিজিটেল ডেস্কঃ ছাৰ ব্ৰেডমেনৰ মাটিত ইংলেণ্ডৰ বিজয় ধ্বজ্জা। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে এইবৰ্ষৰ টি-২০ বিশ্বকাপ। দেওবাৰে পাকিস্তান আৰু ইংলেণ্ডৰ মাজত বিশ্বকাপৰ ফাইনেল মেচ। শ্বাসৰুদ্ধকৰ মেচখনত বাবৰ আজম নেতৃত্বাধীন পাকিস্তানক ৫ উইকেটত পৰাজিত কৰি বিশ্ব চেম্পিয়নৰ খিতাপ দখল ইংলেণ্ডৰ।

Advertisment

টছত জয়ী হৈ ইংলেণ্ডে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেয়ে নিৰ্ধাৰিত ২০ অভাৰত প্ৰথম ইনিংছত পাকিস্তানে ৮ উইকেটৰ বিনিময়ত ১৩৭ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ অধিনায়ক বাবৰ আজম ৩২ আৰু শ্বান মাছুডে ৩৮ ৰান কৰাৰ বিপৰিতে বাকী বেটাৰ সকল ব্যৰ্থ হয়।

 ৰানাৰ্চ আপ পাকিস্তান
ৰানাৰ্চ আপ পাকিস্তান

আনহাতে পাকিস্তানে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি বাটলাৰ বাহিনীয়ে বেন ষ্টোকছৰ অৰ্ধশতকৰ সহায়ত ১৯ অভাৰতে ৫টা উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হৈ বিশ্বকাপৰ খিতাপ দখল কৰে। দলৰ হৈ অলৰাউণ্ডাৰ ষ্টোকছে ৫২ ৰানৰ বৰঙণি যোগায়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিশ্ব চেম্পিয়ন দলটোৱে ২০১০ৰ বিশ্বকাপত বিজয়ী হৈছিল। সদ্যসমাপ্ত বিশ্বকাপৰ ৰানাৰ্চ আপ পাকিস্তানেও ২০০৯ৰ বিশ্বকাপৰ খিতাপ দখল কৰিছিল। আজিৰ মেচত ইংলেণ্ডৰ চেম কুৰাণে ৩টা উইকেট দখল কৰাৰ বিপৰিতে পাকিস্তানৰ হৰিশ ৰোফে ২টা উইকেট লাভ কৰে।

আৰু পঢ়কঃ হাতীৰ গছকত নন্দেশ্বৰ গগৈৰ মৃত্যু

icc pcb cricket pakistan t20 worldcup england aus