টি-২০ বিশ্বকাপ ২০২৬ : কেতিয়া, ক'ত আৰু কাৰ কাৰ মাজত হ’ব ছুপাৰ-৮ৰ মেচ

গ্ৰুপ-এ ত আছে ভাৰত, জিম্বাব’ৱে, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা। একেদৰে গ্ৰুপ বি ত আছে পাকিস্তান, শ্ৰীলংকা, ইংলেণ্ড আৰু নিউজিলেণ্ড। 

author-image
Asomiya Pratidin
New Update
161

ডিজিটেল ডেস্ক : ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰিছে আই চি চি টি-২০ বিশ্বকাপ ২০২৬। ভাৰতৰ বিভিন্ন চহৰৰ লগতে শ্ৰীলংকাৰ কলম্বোকে ধৰি একাধিক চহৰত অনুষ্ঠিত হৈছে বিশ্বকাপৰ মেচ। 

ইতিমধ্যে গ্ৰুপ পৰ্যায়ৰ মেচ সম্পন্ন হোৱাৰ পাছত ঘোষণা কৰা হৈছে ছুপাৰ-৮ পৰ্বৰ মেচৰ সূচী। এতিয়ালৈকে ছুপাৰ-৮ত প্ৰৱেশ কৰিছে বহুকেইটা দলে। এই দলসমূহক এ আৰু বি দুটা ভাগত বিভক্ত কৰি মেচৰ সূচী প্ৰস্তুত কৰা হৈছে। 

সেই অনুসৰি গ্ৰুপ-এ ত আছে ভাৰত, জিম্বাব’ৱে, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা। একেদৰে গ্ৰুপ বি ত আছে পাকিস্তান, শ্ৰীলংকা, ইংলেণ্ড আৰু নিউজিলেণ্ড। 

গ্ৰুপ এ

  • ২২ ফেব্ৰুৱাৰী, ভাৰত বনাম দক্ষিণ আফ্ৰিকা, আহমেদাবাদ। মেচৰ সময়- সন্ধিয়া ৭-০০ বজা।
  • ২৩ ফেব্ৰুৱাৰী, জিম্বাব’ৱে বনাম ৱেষ্ট ইণ্ডিজ, ৱাংখাড়ে ( মুম্বাই)। মেচৰ সময়- সন্ধিয়া ৭-০০ বজা।
  • ২৬ ফেব্ৰুৱাৰী, দক্ষিণ আফ্ৰিকা বনাম ৱেষ্ট ইণ্ডিজ, আহমেদাবাদ। মেচৰ সময়- বিয়লি ৩-০০ বজা। 
  • ২৬ ফেব্ৰুৱাৰী, ভাৰত বনাম জিম্বাব’ৱে, চেন্নাই। মেচৰ সময়- সন্ধিয়া ৭-০০ বজা।
  • ১মাৰ্চ, জিম্বাব’ৱে বনাম দক্ষিণ আফ্ৰিকা, দিল্লী। মেচৰ সময়- বিয়লি ৩-০০ বজা।
  • ১মাৰ্চ, ভাৰত বনাম ৱেষ্ট ইণ্ডিজ, ইডেন গাৰ্ডেন ( কলকাতা )। মেচৰ সময়- সন্ধিয়া ৭-০০ বজা।

গ্ৰুপ বি

  • ২১ ফেব্ৰুৱাৰী নিউজিলেণ্ড বনাম পাকিস্তান, কলম্বো। মেচৰ সময়- সন্ধিয়া ৭-০০ বজা।
  • ২২ ফেব্ৰুৱাৰী, ইংলেণ্ড বনাম শ্ৰীলংকা, কেণ্ডী। মেচৰ সময় বিয়লি ৩-০০ বজা।
  • ২৪ ফেব্ৰুৱাৰী, ইংলেণ্ড বনাম পাকিস্তান, কেণ্ডী। মেচৰ সময়- সন্ধিয়া ৭-০০ বজা।
  • ২৫ ফেব্ৰুৱাৰী, নিউজিলেণ্ড বনাম শ্ৰীলংকা, কলম্বো। মেচৰ সময়- সন্ধিয়া ৭-০০ বজা।
  • ২৭ ফেব্ৰুৱাৰী, ইংলেণ্ড বনাম নিউজিলেণ্ড, কলম্বো। মেচৰ সময়- সন্ধিয়া ৭-০০ বজা।
  • ২৮ ফেব্ৰুৱাৰী, পাকিস্তান বনাম শ্ৰীলংকা, কেণ্ডী। মেচৰ সময়- সন্ধিয়া ৭-০০ বজা।
টি-২০ বিশ্বকাপ