/asomiyapratidin/media/media_files/2025/07/23/web-ap-new-2025-07-23-16-08-14.jpg)
ডিজিটেল ডেস্কঃ এখন চিকিৎসালয়। চিকিৎসালয়খনৰ ভিতৰলৈ যেতিয়াই সাংবাদিকৰ এটা দল সোমাই গৈছে সেই সময়ত তেওঁলোকৰ নাকত ধৰিছেহি এটা দুৰ্গন্ধই। অলপ আগুৱাই গৈ চিকিৎসালয়খনৰ পাৰ্কিংৰ স্থানলৈ যেতিয়াই সাংবাদিক কেইজন সোমাই গ’ল তেতিয়াই তেওঁলোকে দেখিছে বগা প্লাষ্টিকৰ বেগত পৰি থকা শাৰী শাৰী মৃতদেহ। যিসমূহ ইতিমধ্যে তাতেই পচি যাবলৈ আৰম্ভ কৰিছে।
সাংবাদিক কেইজনে প্ৰত্যক্ষ কৰিলে সেই শাৰী শাৰী মৃতদেহৰ মাজত বহু কেইটা মৃতদেহ উন্মুক্ত হৈ আছে। সেই মৃতদেহৰ মাজত বহু মৃতদেহ ফুলি যাবলৈ আৰম্ভ কৰিছে। পাৰ্কিঙৰ সেই স্থানৰ মাটিখিনি বোকাময় হৈ উঠিছে। ভৰিৰ জোতালৈ চাই এজন সাংবাদিকে দেখে বোকাৰ লগত মিহলি হৈ আছে তেজ।
এইযে হাস্পতালখনত সাংবাদিকৰ দলটোৱে মৃতদেহৰ শাৰীবোৰ প্ৰত্যক্ষ কৰিলে সেই মৃতদেহবোৰ দৰাচলতে চিকিৎসালয়ৰে ৰোগীৰ। সেই ৰোগীসকল চিকিৎসাৰ অভাৱত অথবা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ ওচৰত হাৰ মানি মৃত্যু হোৱা নাই। তেওঁলোকৰ মৃত্যু হৈছে এক জঘণ্য হত্যাকাণ্ডৰ ফলত।
প্ৰায় এটা সপ্তাহৰ পূৰ্বে ছিৰিয়াত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘাতৰ সময়ত এখন চৰকাৰী চিকিৎসালয়ত চৰকাৰী বাহিনীয়ে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযো উত্থাপন হৈছে। ছিৰিয়াৰ ছুইডা নামৰ চহৰৰ এই চৰকাৰী চিকিৎসালয়খনত সংঘটিত হোৱা এই জঘণ্য হত্যাকাণ্ডৰ এটা সপ্তাহৰ পিছত উপস্থিত হৈছিলগৈ বিবিচিৰ সাংবাদিক।
তাৰ পিছত বিবিচিৰ প্ৰতিবেদনতে প্ৰকাশ পাইছে সবিশেষ ঘটনা। প্ৰতিবেদকে চিকিৎসালয়খনৰ কৰ্মচাৰীৰ সৈতে কথা পতাৰ সময়ত তেওঁলোকে দাবী কৰিছে চৰকাৰী বাহিনীয়ে চিকিৎসালয়খনত প্ৰৱেশ কৰি বিচনাত থকা ৰোগীকো লক্ষ্য কৰি গুলীয়াই হত্যা কৰিছে।সেই সকলৰে মৃতদেহ এইদৰে চিকিৎসালয়খন পাৰ্কিঙৰ স্থানত শাৰী শাৰীকৈ পৰি আছে প্লাষ্টিকৰ ভিতৰত। কিছুমান উন্মুক্ত ভাৱে।
চিকিৎসালয়খনৰ চিকিৎসক ডাঃ ৱাছিম মাছুদে জনোৱা অনুসৰি এই মৃতদেহবোৰ হত্যাকাণ্ডৰ বলি হোৱা ৰোগীৰ মৃতদেহ। তেওঁ কয়, চৰকাৰী সেনা বাহিনীৰ লোকসকলে ইয়ালৈ আহি শান্তি আনিব বিচাৰিছে বুলি কৈছিল। কিন্তু তাৰ পিছত শিশুৰ পৰা বৃদ্ধলৈকে বহু ৰোগীক তেওঁলোকে হত্যা কৰিছিল।
প্ৰায় এটা সপ্তাহ পূৰ্বে সংঘটিত হোৱা এই ঘটনাৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছিল। য’ত এগৰাকী মহিলাই ভিডিঅ’ৰ জৰিয়তে চিকিৎসালয়খনৰ পৰিবেশ দেখুৱাইছিল। তাত দেখা গৈছিল চিকিৎসালয়খনৰ মজিয়াত পৰি আছিল শাৰী শাৰী মৃতদেহ। চিকিৎসালয়ৰ বিচনাৰ কাপোৰবোৰ তেজৰে ৰঙা হৈ পৰিছিল।
অভিযোগ অনুসৰি যোৱা বুধবাৰে সন্ধিয়া ছিৰিয়াৰ চৰকাৰী সেনা বাহিনীয়ে চিকিৎসালয়খনত প্ৰৱেশ কৰি ড্ৰুজ ধৰ্মীয় সংখ্যালঘু লোকসকলক হত্যা কৰিছিল। তাৰ পিছতেই এই ঘটনা পোহৰলৈ অহাত বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ এই ঘটনাক নিন্দা কৰিছে।
দেশখনৰ নাগৰিকে চৰকাৰী বাহিনীক দানৱ আখ্যা দিছে। তেওঁলোকক কোনো কাৰণতে বিশ্বাস নকৰে বুলিও উল্লেখ কৰিছে। চিকিৎসালয়খনৰ কাষৰে এগৰাকী শিক্ষকে জনোৱা অনুসৰি চৰকাৰী বাহিনীয়ে আঠ বছৰীয়া বিশেষভাৱে সক্ষম ল’ৰা এটাক মূৰত গুলীয়াই হত্যা কৰিছে।
আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি চিকিৎসালয় সকলোৰে বাবে নিৰাপদ স্থান। কিন্তু চিকিৎসালয়খনতে তেওঁলোকে প্ৰৱেশ কৰি এইদৰে হত্যালীলা চলালে।
ছিৰিয়াত সাম্প্ৰদায়িক হিংসা আৰম্ভ হোৱাৰ পৰাই এইধৰণ হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে। বেদুইন আৰু ড্ৰুজ যোদ্ধাৰ উপৰিও ছিৰিয়াৰ সেনাবাহিনীৰ বিৰুদ্ধে ন্যায় বহিৰ্ভূতভাৱে সাধাৰণ নাগৰিকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
দৰাচলতে এই চিকিৎসালয়খনত সেইদিনা কি হৈছিল সেয়াও এতিয়াও স্পষ্ট হোৱা নাই। অনুমান কৰা অনুসৰি এই হত্যাকাণ্ডত ৩০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। কিন্তু এতিয়াও সেই মৃতদেহৰ শাৰীবোৰত কিমান মৃতদেহ আছে সেয়া হিচাপ কৰা হোৱা নাই।
ছিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে মঙলবাৰে নিশা এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃতিত তেওঁলোকে কয় যে, ড্ৰুজ প্ৰধান ছুইডা চহৰত সামৰিক ইউনিফৰ্ম পিন্ধি আহি আক্ৰমণ কৰি মানৱ অধিকাৰ উলংঘাৰ দৰে ভয়ংকৰ কথা জানিব পাৰিছে।
তাৰোপৰি দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী ৰায়দ ছালেহে জনোৱা অনুসৰি দেশখনত সংঘটিত হোৱা এই ধৰণৰ ঘটনাৰ প্ৰতিটো অভিযোগৰে পুংখানুপুংখ তদন্ত কৰা হ’ব। চহৰখন কঠোৰ লকডাউনৰ মাজত থকাৰ বাবে এই হত্যাকাণ্ডৰ প্ৰমাণ সংগ্ৰহ কৰাত অসুবিধাৰো সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।
সাম্প্ৰদায়িক সংঘৰ্ষৰ কৱলত পৰা এই চহৰখনৰ পথৰ দুয়োকাষৰ বহু দোকান, ব্যৱসায়ীক প্ৰতিষ্ঠান, পথৰ বাহনসমূহ জ্বলাই দিয়া হৈছে। ছুইদা চহৰত ড্ৰুজ আৰু বেদুইন যোদ্ধাৰ মাজত সংঘটিত হোৱা এই সংঘাতৰ মাজতে ছিৰিয়া চৰকাৰে যুদ্ধবিৰতি ঘোষণা কৰি বলবৎ কৰাৰ চেষ্টা কৰিছে।