/asomiyapratidin/media/media_files/2024/12/08/eyvnHLDDVEoB6Q9Wa2KW.jpg)
ডিজিটেল ডেস্কঃ অশান্ত জৰ্জৰিত চিৰিয়াৰ শাসনভাৰ এৰি পলাল ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ । বিদ্ৰোহ দমনত ব্যৰ্য হৈ অজ্ঞাত স্থানলৈ পলায়ন কৰে ৰাষ্ট্ৰপতি গৰাকী ।চৰকাৰবিৰোধী বিদ্ৰোহীসকলে ৰাজধানীত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে এই সিদ্ধান্ত ল’লে বাছাৰ আল আছাদে । ছিৰিয়াৰ প্ৰধানমন্ত্ৰী মহম্মদ গাজী আল জালালীয়ে কয় যে ক্ষমতা হস্তান্তৰৰ বাবে সাজু আছে চৰকাৰ ।
বিদ্ৰোহী সংগঠন ইছলামিক হায়াত তাহৰিৰ আল শ্বাম গোটে কয় যে তেওঁলোকৰ বাহিনী চিৰিয়াৰ ৰাজঘানী দামাস্কাছত প্ৰৱেশ কৰিছে। ইয়াৰ কিছু সময়ৰ পাছতে তেওঁলোকে চিৰিয়াৰ কলা অধ্যায়ৰ অৱসান ঘটা বুলি মন্তব্য কৰে । ইয়াৰ পূৰ্বে বিদ্ৰোহী সংগঠনটোৱে ৰাজধানীলৈ যোৱাৰ পথত হোমছ চহৰ দখল কৰা বুলি কৈছিল। কিন্তু ছিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই কথা অস্বীকাৰ কৰি হোমছৰ পৰিস্থিতি “নিৰাপদ আৰু সুস্থিৰ” বুলি উল্লেখ কৰিছিল ।
ইছলামিক ৰাষ্ট্ৰ চিৰিয়াত ২০১২ চনত আল নুছৰা নামেৰে গঠিত হৈছিল হায়াত তাহৰিৰ আল শ্বাম। পিছৰ বছৰত আল কায়দাৰ সৈতে সংযোগ ঘটিছিল সংগঠনটোৰ । কিন্তু ২০১৬ চনত আল কায়দাৰ সৈতে সম্পৰ্ক ভংগ হোলাত হায়াত তাহৰিৰ আল শ্বাম নাম লৈছিল সংগঠনটোৱে। আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি বিশ্ব শক্তিসমূহে ইয়াক আল কায়দাৰ সংযুক্ত সংগঠন হিচাপে ঘোষণা কৰিছে । সংস্থাটোৱে শেহতীয়াকৈ নিজৰ ভাবমূৰ্তি ভাল কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহৰ সংখ্যালঘু গোটসমূহক চিন্তাৰ কোনো কাৰণ নাই বুলি আশ্বস্ত কৰিছে।
বিগত দুমাহত ছিৰিয়া চৰকাৰৰ বন্ধু দেশসমূহ অন্যান্য সংঘাতত লিপ্ত হৈ পৰাৰ পিছতে সক্ৰিয় হৈছিল হায়াত তাহৰিৰ আল শ্বামৰ বিদ্ৰোহী সংগঠনটো । ইজৰাইল-পেলেষ্টাইন যুদ্ধ, ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত আদিয়ে এই বিদ্ৰাহী সংগঠনটোক চৰকাৰৰ বিৰুদ্ধে সংশস্ত্ৰ যুঁজ দিবলৈ অনুপ্ৰাণিত কৰিছিল ।