জয়ন্ত মাধৱ বৰালৈ চৈয়দ আব্দুল মালিক ৰাষ্ট্ৰীয় বঁটা...

জয়ন্ত মাধৱ বৰালৈ চৈয়দ আব্দুল মালিক ৰাষ্ট্ৰীয় বঁটা...

author-image
Asomiya Pratidin
New Update
জয়ন্ত মাধৱ বৰালৈ চৈয়দ আব্দুল মালিক ৰাষ্ট্ৰীয় বঁটা...

ডিজিটেল ডেস্কঃ অসমীয়া সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়োৱাৰ বাবে, সমগ্ৰ সাহিত্য কৰ্মৰ স্বীকৃতিস্বৰূপে অসম চৰকাৰে বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰালৈ আগবঢ়াইছে চৈয়দ আব্দুল মালিক ৰাষ্ট্ৰীয় বঁটা। এই বঁটাত আছে নগদ তিনি লাখ টকা, মানপত্ৰ আৰু অংগবস্ত্র।

অহা ২০ জুনত এই বঁটা প্ৰদান কৰা হব। তেজপুৰত অসম চৰকাৰৰ কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হবলগীয়া বিষ্ণু ৰাভা দিৱসত অসম চৰকাৰৰ হৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব। সোমবাৰে সাংস্কৃতিক সঞ্চালকালয়ে এই কথা অৱগত কৰাইছে।

Also Read: বৰাকে মাতিছে বিপদঃ যিকোনো সময়তে চিঙিব পাৰে বেৰেংগা মথাউৰি...

jayanta madhab bora