Advertisment

ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত ছুৱেটাৰ বিতৰণ…

চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ১২০ নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত  ছুৱেটাৰ বিতৰণ কাৰ্যসূচী।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বৰপেটাঃ  চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ১২০ নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত  ছুৱেটাৰ বিতৰণ কাৰ্যসূচী। বিদ্যাঞ্জলি কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ প্ৰদান কৰা হয় ছুৱেটাৰ।

Advertisment

পুৱা ৯ বজাত অনুষ্ঠিত হোৱা ছুৱেটাৰ বিতৰণী সভাখনত সভাপতিত্ব কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলামে। সহকাৰী শিক্ষক অখিল দাসে আঁত ধৰা সভাখনত চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতা, জিলা আঁচনি বিষয়া নিৰঞ্জন ওজা, ছাটা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুল জলিল, বিদ্যালয়খনৰ প্ৰধান শিক্ষক কবীৰ আলী আহমেদকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।

চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাই শিক্ষক, ৰাইজ তথা পৰিচালনা সমিতিৰ চিন্তা-চৰ্চাক ধন্যবাদ জ্ঞাপন কৰি "বস্ত্ৰদান মহান দান" বুলি মন্তব্য কৰে। বিদ্যালয়খনৰ শিক্ষকবৃন্দ, পৰিচালনা সমিতিৰ বিষয়-ববীয়া, সদস্য-সদস্যাৰ লগতে ৰাইজৰ সহযোগত বিদ্যাঞ্জলি কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়খনৰ ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ প্ৰদান কৰে ছুৱেটাৰ।

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সৰ্বস্বান্ত কৰা নৈপৰীয়া অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক শীতৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ দিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলামে।

বৰপেটা