/asomiyapratidin/media/media_files/2025/01/19/Suk36cGire0ksJ1yUKFA.jpg)
হাবুঙত টাই আহোম যুৱ পৰিষদৰ নৱনিবাৰ্চিত কেন্দ্ৰীয় সমিতিৰ শপতগ্ৰহণ অনুষ্ঠান
ডিজিটেল সংবাদ, ধেমাজি : চলিত বৰ্ষৰ ৩, ৪ আৰু ৫ জানুৱাৰীত সোনাৰি ভজো বেচিক মাজৰপথাৰস্থিত চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশনৰ নৱনিবাৰ্চিত সমিতি গঠনৰ অনুষ্ঠান। এই সমিতিখনে দেওবাৰে বিয়লি ২ বজাত ধেমাজি জিলাৰ ঐতিহাসিক আহোম ৰজাৰ হাবুং মন্দিৰত আহোমৰ পৰম্পৰা তথা ৰীতি-নীতিৰে আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰে।
/asomiyapratidin/media/media_files/2025/01/19/qiBv0nYwqtRHtVwTDi4y.jpg)
নৱনিবাৰ্চিত সভাপতি বিজয় ৰাজকোঁৱৰ , কাৰ্য্যকৰী সভাপতি ৰুদ্ৰ সাগৰ বুঢ়াগোঁহাই , যুটীয়া সম্পাদক গুণকান্ত গগৈ আৰু মনোৰঞ্জন গগৈসহ ৫১ জনীয়া সমিতিখনে শপতগ্ৰহণ কৰে ৷ এই উপলক্ষে হাবুং মন্দিৰত নৱনিৰ্বাচিত সভাপতি বিজয় ৰাজকোঁৱৰৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় ৷
/asomiyapratidin/media/media_files/2025/01/19/NgGEO60rU4PF4ib5bkYx.jpg)
অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি নৱনিৰ্বাচিত সমিতিখনক শুভেচ্ছা জনাই বক্তব্য প্ৰদান কৰে টাই গৱেষক তথা চ্যুকাফা বঁটাপ্ৰাপক ড° পুষ্প গগৈয়ে ৷ টাই গৱেষক ড° গগৈয়ে নৱনিৰ্বাচিত সমিতিখনক টাই ভাষাৰ উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰিবলৈ আহবান জনোৱা লগতে টাই আহোমৰ ভাষা, কৃষ্টি , সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বিষয়টো গুৰুত্ব দি অসম ভিত্তিত এখনি টাই আহোমৰ ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়ে ৷
প্ৰসংগক্ৰমে তেওঁ টাই আহোমৰ ভাষাটো প্ৰচাৰ আৰু প্ৰসাৰকলৈ অসমৰ পৰা থাইলেণ্ড আৰু ব্ৰহ্মদেশলৈ তেওঁৱেই প্ৰথমেই যোৱা বুলিও অৱগত কৰে ৷ একেদৰে সভাত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক তথা সাহ্যিতিক পেঞ্চনাৰ উমেশ চেতিয়াই বক্তব্যত নৱনিবাৰ্চিত সমিতিখনক টাই আহোম জাতিটোৰ বাবে সকলো দিশতে উন্নয়নৰ কাম কৰি যাবলৈ আহবান জনায়।
/asomiyapratidin/media/media_files/2025/01/19/labScHoQq6wWagiudWnC.jpg)
লগতে ধেমাজিৰ হাবুঙকে ধৰি ঐতিহাসিক আহোম ৰজা দিনৰ অসমৰ কৃৰ্তীচিহ্নসমূহ উন্নয়ন আৰু পৰ্য্যটনৰ বাবে আৰ্কষণীয় কৰি তোলাৰ গুৰুত্ব আৰোপ কৰে ৷ অনুষ্ঠানত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাই ভূমিপুত্ৰ আহোমসকলক ৰাজনৈতিকভাৱে সুৰক্ষিত নহ’লে জাতিটো কেতিয়াও আগবাঢ়িব নোৱাৰে বুলি বক্তব্যত উল্লেখ কৰে ৷
/asomiyapratidin/media/media_files/2025/01/19/EgytflU2XFLMEDPZqXJ0.jpg)
আহোম জনগোষ্ঠীটোৰ নিৰাপত্তা দিশতো গুৰুত্ব আৰোপ কৰি ভূমিপুত্ৰ আহোম লোকসকলে বহু জিলাতেই ৰাজনৈতিক অধিকাৰ পোৱা নাই বুলি দাবী কৰে ৷ সেয়ে ছয়শ বছৰ ৰাজত্ব কৰা এই আহোমসকলৰ বাবে ই এক লাজৰ বিষয় বুলিও আক্ষেপ কৰে ৷
/asomiyapratidin/media/media_files/2025/01/19/NCevIPMetciOueoTkEWo.jpg)
প্ৰসংগক্ৰমে টি এম পি কে, এম এম কে আৰু আমৰ্কাৰ দৰে সংগঠনৰ নেতৃত্ব দি অহা তথা শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে অসমৰ বিধায়ক আৰু সাংসদকসকলক লৈ দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীক লগ ধৰি নিজৰ জনগোষ্ঠীটোক ছয় গোষ্ঠীৰ প্ৰদান কৰিবলৈ দাবী জনোৱাৰ বিপৰীতে অসমৰ টাই আহোম জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক আৰু সাংসদসকলে নিজৰ জাতিটোৰ মানুহখিনিক গুৰুত্বহীন কৰি পেলোৱা বুলি আক্ষেপ প্ৰকাশ কৰে।
সভাত আন বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি নৱনিবাৰ্চিত সমিতিখনক শুভেচ্ছা জনাই
বক্তব্য প্ৰদান কৰে ৷ সন্ধিয়া লৈ নৱনিবাৰ্চিত সমিতিখনে ধেমাজি নগৰৰ মুং চাং হোটেলত সমিতিখনৰ প্ৰথম কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us