/asomiyapratidin/media/media_files/2024/12/03/M9oKmcPZBEYuoPnKr86O.jpg)
ডিজিটেল সংবাদ,ওডালগুৰিঃ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অন্তঃগাঁথনি উন্নীতকৰণ আৰু গুণগত মানসম্পন্ন সেৱা সুনিশ্চিত কৰাৰ লক্ষৰে অসমত আজিৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই স্বাস্থ্য সেৱা উৎসৱ ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ চলিব।
আন আন জিলাৰ লগতে ওদালগুৰি জিলাতো আজি স্বাস্থ্য সেৱা উৎসৱৰ শুভাৰম্ভ হয়। ওদালগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাগৃহত আয়োজিত এক গম্ভীয্যপূৰ্ণ অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰীয়ে এই উৎসৱৰ শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানত বাহ্যিক মূল্যায়ক (External Evaluator) তথা মান নিৰ্ধাৰণকাৰী সকলক উষ্ণ আদৰণি জনোৱা হয়।
এই উৎসৱত ওদালগুৰি জিলাৰ ৫০খন চিকিৎসালয়ৰ মূল্যায়ন কৰা হ'ব। ইয়াৰে এখন জিলা অসামৰিক চিকিৎসালয়, ৯ খন সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, ২৪ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৫ টা আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু ১১ খন চাহ বাগিচা চিকিৎসালয় সামৰি লোৱা হৈছে।
স্বাস্থ্য প্ৰতিষ্ঠান সমূহত জিলাখনৰ ভিন্ন বিভাগৰ ১৭ গৰাকী জ্যেষ্ঠ বিষয়াই বাহ্যিক নিৰ্ধাৰণকাৰী (External Assessor)হিচাপে মূল্যাংকন কৰি আছে। লগতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৫ গৰাকী চিকিৎসা বিষয়া, ওদালগুৰি জিলাৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানৰ ১২ গৰাকী চিকিৎসা বিষয়াই মূল্যাংকন কৰি আছে। আনহাতে ৮ গৰাকী আই পি এছ, এ এফ এছ পৰ্যায়ৰ বিষয়াই বাহ্যিক মূল্যায়ক হিচাপে মূল্যায়ন কৰি আছে।
ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক পুস্কিন জৈনে আজি বান্দৰগুৰি ৰাজ্যিক ঔষধালয়ত বাহ্যিক মূল্যায়ক হিচাপে মূল্যায়ন কৰে। বন বিভাগৰ চিলভিকালচাৰিষ্ট (silviculturist) বিষয়া দিবাকৰ দেৱে কাজিয়ামাটি আৰু পাকৰিবাৰি ৰাজ্যিক ঔষধালয়ত মূল্যায়ন কৰে। আৰক্ষী বিষয়া ৰুবুল গগৈয়ে ভকেলিকান্দা আৰু বৰমুকলি নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মূল্যায়ন কৰে।
ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (crime) মহম্মদ মুজ্জাফৰ হুছেইন, ভেৰগাওঁ ডিভিজনৰ আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা, বন বিভাগৰ নামনি অসম চাৰ্কোলৰ প্লানিং বিষয়া জয়ন্ত কুমাৰ নাথ, পশ্চিম কামৰূপ ডিভিজনৰ বন বিষয়া সুবোধ তালুকদাৰ আদি অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে স্বাস্থ্য সেৱা উৎসৱত বাহ্যিক মূল্যায়ক হিচাপে মূল্যায়ন কৰি আছে। উল্লেখযোগ্য যে আজিৰ দিনটোত ১৭ খন চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us