লামডিঙত স্বাস্থ্য মেলাৰ আয়োজনঃ ৩ শতাধিক ৰোগীক চিকিৎসা প্ৰদান

লামডিঙত স্বাস্থ্য মেলাৰ আয়োজনঃ ৩ শতাধিক ৰোগীক চিকিৎসা প্ৰদান

author-image
Asomiya Pratidin
New Update
লামডিঙত স্বাস্থ্য মেলাৰ আয়োজনঃ  ৩ শতাধিক ৰোগীক চিকিৎসা প্ৰদান

ডিজিটেল সংবাদ,লামডিংঃ শুকুৰবাৰে লামডিং খাংগাৰ গাঁৱৰ সৰস্বতী প্ৰাথমিক বিদ্যালয়ৰ চৌহদত দিনযোৰা কাৰ্যসূচীৰে স্বাস্থ্য মেলাৰ আয়োজন কৰা হয় ৷ মেলাৰ উদ্বোধন কৰে লামডিং মহকুমা চিকিৎসালয়ৰ অধ্যক্ষা সুমিত্ৰা দে'ই ৷ এই কাৰ্যসূচীত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Advertisment

স্বাস্থ্য মেলাত ৩ শতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰা হয়। লামডিং, হোজাই, লংকা আদি কৰি হোজাই জিলাৰ বিভিন্ন বিভাগৰ চিকিৎসক, বিষয়ববীয়াৰ লগতে আশা কৰ্মী, চুপাৰভাইজাৰ সকল উপস্থিত থাকে।

এই স্বাস্থ্য মেলাত হোজাই জিলাৰ পৰা অহা কেইবাজনো অভিজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়। বিনামূলীয়কৈ ৰোগী সকলক বিভিন্ন স্বাস্থ্যৰ পৰীক্ষা কৰাৰ লগতে উন্নতমানৰ চিকিৎসা প্ৰদান কৰাৰো চেষ্টা চলায় ৷

তাৰোপৰি বাৰিষা কালত হ'বলগীয়া ৰোগ যেনে জাপানিছ এনকেফ্লেলাইটিচ, ডেংগু, মেলেৰিয়া লক্ষণ আৰু চিকিৎসাৰ সম্পৰ্কে এক সজাগতামূলক পৰামৰ্শ আগবঢ়ায়।

স্বাস্থ্য মেলাত লামডিঙৰ বিভিন্ন অঞ্চলৰ পৰা অহা বহুতো লোকে চিকিৎসা গ্ৰহণ কৰে। লগতে শিক্ষক,ন-পমুৱা যুৱক, অংগনবাদী কৰ্মী,স্বাস্থ্য ক্ষেত্ৰত জড়িত সকলোৱে সহযোগীতা আগবঢ়ায়।

Also Read: অলিম্পিকৰ মূল সূচীৰ মেচৰ পূৰ্বেই ৰিঙত নামিল লাভলীনা, মেচ ড্ৰ'...

lumding Khangargaon