স্বাস্থ্য মন্থন-৪: অসমৰ বাবে কেইবাটাও স্বাস্থ্য সম্বন্ধীয় কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী কেশৱ মহন্তৰ

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে গুৱাহাটীস্থিত অসম জল ভৱনত আইপিএএছ ফাউণ্ডেচনৰ সহযোগত ৩১ অক্টোবৰৰ পৰা দুদিনীয়াকৈ স্বাস্থ্য মন্থন-৪ আয়োজন কৰে।

author-image
Asomiya Pratidin
New Update
স্বাস্থ্য মন্থন-৪: অসমৰ বাবে কেইবাটাও স্বাস্থ্য সম্বন্ধীয় কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী কেশৱ মহন্তৰ

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে গুৱাহাটীস্থিত অসম জল ভৱনত আইপিএএছ ফাউণ্ডেচনৰ সহযোগত ৩১ অক্টোবৰৰ পৰা দুদিনীয়াকৈ স্বাস্থ্য মন্থন আয়োজন কৰে। অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই স্বাস্থ্য বিভাগৰ প্ৰধান সচিব শ্রী অবিনাশ যোশী, আইএএছ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ড° এম এছ লক্ষ্মী প্রিয়া, আইএএছ, স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সঞ্চালক ড০ নীলমাধৱ দাস, আআৰচি এনইৰ সঞ্চালক ড° অশোক ৰয়, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অ'এছডি পংকজ চমুৱা, এটি এছ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মুখ্য কাৰ্যালয়ৰ লগতে জিলা কৰ্মকৰ্তা সকলৰ উপস্থিতিত এই কর্মশালা আৰু পৰ্যালোচনা সভাখন উদ্বোধন কৰে।

Advertisment

এই দুদিনীয়া কৰ্মশালাখনত প্ৰত্যোক জিলাৰ কেইবাটাও বিভাগৰ শীৰ্ষ ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে, প্রতিখন জিলাৰ স্বাস্থ্য সেৱা প্ৰদৰ্শনৰ ভিত্তিত জিলা অনুসৰি এক পর্যালোচনা সভা অনুষ্ঠিত কৰি অহা হৈছিল। যাৰ দ্বাৰা শিশু আৰু মাতৃ সকলৰ স্বাস্থ্য কেনেদৰে উন্নত কৰিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছিল।

এই বৈঠকত ৰাজ্য আৰু জিলাৰ শ্ৰেষ্ঠ স্বাস্থ্য সেৱা প্ৰদৰ্শকসকলক মন্ত্ৰী কেশৱ মহন্তই তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে সম্বৰ্ধনা জনায়।

প্রতিবেদিত পৰিসংখ্যা অনুসৰি অসমে স্বাস্থ্য সেৱা সূচকত যথেষ্ট পৰিমাণে উন্নতি দেখুৱাবলৈ সক্ষম হৈছে। তলত তথ্য সমূহ দাঙি ধৰা হ'ল-

  • - ২০২২-২৩ বৰ্ষ (এপ্রিল-ছেপ্টেম্বৰ)ত মাতৃৰ মৃত্যুৰ সংখ্যা ২০২১-২২ (এপ্রিল-ছেপ্টেম্বৰ)ত ৩৮৪ গৰাকীৰ মৃত্যুৰ বিপৰীতে ২৮১ গৰাকী বুলি জনা গৈছে, যি ১৫ (২৫%) লৈ মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে।

  • - ২০২২-২৩ বৰ্ষত (এপ্রিল-ছেপ্টেম্বৰ) শিশুৰ মৃত্যুৰ সংখ্যা ২০২১-২২ (এপ্রিল-ছেপ্টেম্বৰ)ত ৩,৮৪২ টি শিশুৰ মৃত্যুৰ বিপৰীতে ৩,৫২৩ বুলি জনা গৈছে, যি ৩১৯ টিলে (৮.৩%) মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে।

এই সভাত স্বাস্থ্য মন্ত্ৰীয়ে স্বাস্থ্য সূচকৰ মান উন্নীতকৰণৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কৰা প্ৰচেষ্টাৰ শলাগ লয় ।মঙলবাৰৰ এই সভাতেই স্বাস্থ্য মন্ত্ৰীয়ে অসমৰ বাবে কেইবাটাও স্বাস্থ্য সম্বন্ধীয় কাৰ্যসূচীৰ ৰাজ্যিকভাৱে শুভাৰম্ভ কৰে।

-পালন কার্যসূচী : পালন ১০০০ অভিযানৰ মূল লক্ষ্য হৈছে প্ৰথম ১০০০ দিনত শিশুসকলক এক উন্নত ভৱিষ্যত আৰু অতিৰিক্ত যত্ন প্রদান কৰা। পালন ১০০০ যাত্ৰাত শিশুৰ শাৰীৰিক, মানসিক বিকাশ আৰু অন্যান্য বিকাশৰ ওপৰত গুৰুত্ব দিয়া হ'ব।

এছ.এন.চি.ইউ.-ৰ অভিভাৱকসকলক বিত্তীয় সাহায্যৰ লগতে স্বাস্থ্য কেন্দ্ৰত উচ্চ বিপদাশংকা থকা শিশুক পুনঃনিৰীক্ষণ : প্ৰতিটো সাক্ষাতৰ বাবদ ২০০.০০ টকাকৈ মুঠ ১০০০.০০ টকা অভিভাৱকৰ একাউণ্টত জমা কৰা হ'ব। এই সুবিধাই স্বাস্থ্য কেন্দ্ৰত শিশুৰ পুনঃনিৰীক্ষণক আৰু অধিক খৰটকীয়া কৰি তুলিব, যাৰ ফলত নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব।

টেলি মানস কার্যসূচী : টেলি মানসৰ লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যতে বিনামূলীয়াকৈ টেলি কাউন্সেলিঙৰ জৰিয়তে মানসিক স্বাস্থ্য সম্পৰ্কীয় তথ্য জানিবলৈ বিচৰা ব্যক্তিক দিহা-পৰামৰ্শ প্ৰদান কৰা।

- এইচ.বি.এন.চি. আৰু এ.এন.চি. সেৱাৰ বাবে এক নিৰীক্ষণ পদ্ধতি : ক্ষেত্ৰ স্তৰৰ সঠিক তথ্য লাভ কৰিবলৈ আৰু ঘৰে ঘৰে গৈ এইচ.বি.এন.চি. আৰু এ.এন.চি. সেৱাৰ মান উন্নীতকৰণক নিশ্চিত কৰিবলৈ এক অনলাইন পদ্ধতিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যিয়ে এটা মোবাইল এপৰ জৰিয়তে আমাক ক্ষেত্ৰৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ আৰু জিলা আৰু ৰাজ্যিক পৰ্যায়ত ডেশ্বব'ৰ্ডত প্রতিবেদন লাভ কৰিবলৈ সক্ষম কৰিব।

- জলবায়ু পৰিৱৰ্তন দিৱস পালন : গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াৰ প্ৰভাৱৰ বিৰুদ্ধে পক্ষেপ ল'বলৈ ২৪ অক্টোবৰৰ দিনটো জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিৱর্তন দিৱস হিচাপে পালন কৰা হয়।

- স্বাস্থ্য সেৱা অভিযান-২, শেহতীয়া স্বাস্থ্য মন্থন, স্বাস্থ্য সংবাদ প্রকাশন প্রতিবেদন মুকলি (উপ-স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আগশাৰীৰ কৰ্মীসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাৰ এক প্ৰচেষ্টা।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালক ড° এম এছ লক্ষ্মী প্রিয়া, আইএএছৰ নেতৃত্বত ৮ জুন, ২০২২ তাৰিখে স্বাস্থ্য মন্থন-১ আৰু ২ আগষ্ট, ২০২২ তাৰিখে স্বাস্থ্য মন্থন-২, ২৭ ছেপ্টেম্বৰ, ২০২২তাৰিখে স্বাস্থ্য মন্থন-৩ অনুষ্ঠিত কৰা হৈছিল।

assam keshab mahanta swasthta manthan