ৰাজনৈতিক শত্ৰুতা পাহৰি শাৰদ পাৱাৰৰ কাষত অজিত পাৱাৰ...

এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ আজি ওপজা দিন। এই উপলক্ষে তেওঁৰ বাসগৃহত জন্মদিনৰ আয়োজন কৰা হৈছে। ১২ ডিচেম্বৰৰ দিনা পুৱাই দিল্লীস্থ বাসগৃহত উপস্থিত হয় মহাৰাষ্ট্ৰৰ উপ

author-image
Asomiya Pratidin
New Update
jdjd

ডিজিটেল ডেস্ক : এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ আজি ওপজা দিন। এই উপলক্ষে তেওঁৰ বাসগৃহত জন্মদিনৰ আয়োজন কৰা হৈছে। ১২ ডিচেম্বৰৰ দিনা পুৱাই দিল্লীস্থ বাসগৃহত উপস্থিত হয় মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ। পত্নীৰ সৈতে শাৰদ পাৱাৰৰ বাসগৃহত উপস্থিত হৈ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে নেতাগৰাকীক ওপজা দিনৰ ওলগ জনায়।  

উল্লেখযোগ্য যে ৰাজনৈতিক শত্ৰুতা পাহৰি শাৰদ পাৱাৰক ৮৪ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাই অজিত পাৱাৰে। কেৱল ইমানেই নহয়, শাৰদ পাৱাৰৰ জন্মদিনত শুভেচ্ছা জনাই এক্স হেন্দেলত পোষ্ট দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

একালত মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ কিং মেকাৰ শাৰদ পাৱাৰৰ হাত ধৰিয়েই ৰাজনীতিত প্ৰৱেশ কৰিছিল ভতিজাক অজিত পাৱাৰে। কংগ্ৰেছ এৰি শাৰদ পাৱাৰে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী গঠন কৰা সময়ত খুৰাকৰ ছাঁ হৈ আছিল অজিত পাৱাৰ।

শাৰদ পাৱাৰ