/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/swapna-759-swapna.jpg)
✦ ৰাজৰ্ষি চহৰীয়া
দুখৰ চকুপানী নাছিল সেয়া। কিমান সুখত হুকহুকাই কান্দিব পাৰে এগৰাকী মাতৃ? টিভিৰ পৰ্দাৰ সন্মুখত তেওঁলোক বহি আছিল। জাকাৰ্টাত প্ৰতিদ্বন্দ্বিতাত নামিছিল তেওঁলোকৰ কন্যা স্বপ্না। এছিয়ান গেমছৰ একাদশ দিন। সেই দিনাই ১১ সংখ্যক সোণৰ পদক দেশবাসীক উপহাৰ দিছিল পশ্চিমবংগৰ জলপাইগুৰিৰ স্বপ্না বৰ্মনে। সেই মুহূৰ্তৰ সাক্ষী হৈছিল পৰিয়াল। জাকাৰ্টালৈ গৈ কন্যাৰ খেল চাবলৈ তেওঁলোকৰ সামৰ্থ্য নাছিল। টিনৰ ঘৰটোৰ ভিতৰত মাটিয়ে-বালিয়ে বহি টিভিত উপভোগ কৰিছিল সেই ক্ষণ।
►সেই ক্ষণৰে দৃশ্য এয়াঃ
এই ভিডিঅ' চোৱাৰ পাছত, স্বপ্নাৰ মাকক দেখাৰ পাছত কেনেকৈনো থাকিব নকন্দকাকৈ। স্বতঃস্ফূৰ্তভাৱে আপোনাৰো ওলাব সুখৰ চকুপানী। এছিয়ান গেমছত হেপ্টাথলন ইভেণ্টত যোগ দিছিল স্বপ্নাই। এযোৰ জোতাৰ বাবে, এসাজ ভাতৰ বাবে সংগ্ৰাম কৰিবলগীয়া এটা পৰিয়ালৰ কন্যা আছিল তাই। পিতৃ আছিল ৰিক্সাচালক। নাম পঞ্চানন বৰ্মন। এতিয়া তেওঁ শয্যাশয়ী। উঠিব নোৱাৰে, পক্ষঘাত ৰোগত আক্ৰান্ত। মাক বাসনা বৰ্মনে চাহ বাগিছাত শ্ৰমিকৰূপে কাম কৰি দৰিদ্ৰ পৰিয়ালটোক পোহ-পাল দি আহিছে।
যিসময়ত স্বপ্নাই এথলেটিকছৰ এই কঠিন ইভেণ্ট হেপ্টালনৰ প্ৰতিযোগিতাত নামিছিল, সেই সময়ত দাঁতৰ বিষত ভুগি আছিল তেওঁ। তথাপিও যেন প্ৰত্যাহ্বানৰ বাবে সাজু আছিল এইগৰাকী দৰিদ্ৰতাই প্ৰতিভাক বাধা দিব নোৱাৰা খেলুৱৈক। ১০০ মিটাৰ হাৰ্ডলছ, হাইজাম্প, লংজাম্প, শ্বটপুট, ২০০ মিটাৰ দৌৰ, জেভলিন থ্ৰ' আৰু শেষত আছিল ৮০০ মিটাৰ দৌৰ। শেষৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি স্বপ্নাই ট্ৰেকত দৌৰোতে সেই দৃশ্য টিভিত প্ৰত্যক্ষ কৰি আছিল স্বপ্নাৰ আত্মীয়ই। সকলোৰে চকু তেতিয়া টিনৰ ঘৰটোৰ এটা চুকত থকা টিভিৰ পৰ্দাত। ৪বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি ওচৰ-চুবুৰীয়াসকলে হয়তো ভবাই নাছিল, ইমান দাৰিদ্ৰ পৰিয়াল এটাৰ পৰা ওলাই যোৱা স্বপ্নাই ভাবিব নোৱাৰাৰ সফলতা বুটলিব ইণ্ডোনেছিয়াত।
ভৰিত ১২টা আঙুলিৰ বাবে প্ৰয়োজন হোৱা জোতাৰ অভাৱত পুৰণা ফটা জোতা পিন্ধিয়েই এছিয়ান গেমছৰ দৰে প্ৰতিযোগিতাত অংশ লৈছিল স্বপ্নাই। দুহাতেৰে প্ৰণাম কৰি সেই মুহূৰ্তত পিছৰ ফালে বহি মাতৃয়ে মাথো আওৰাইছিল ভগৱানৰ নাম। তাৰ পিছতেই আহিছিল সেই ক্ষণ। এছিয়ান গেমছৰ খেলৰ ধাৰাভাষ্য দি থকা ধাৰাভাষ্যকাৰ জনে লৈছিল স্বপ্নাৰ নাম। আৰু তেতিয়াই আনন্দৰ বন্যাত উটি-ভাহি গৈছিল সকলো।
হুকহুকাই কান্দি উঠিছিল মাতৃ। দুই হাত যোৰ কৰি কান্দি থকা স্বপ্নাৰ মাতৃ বাসনা বৰ্মনৰ মুখত ওলাইছিল এটাই শব্দই। 'অ' মা' বুলি তেওঁ চিঞৰি কিছু সময় হুকহুকাই কান্দিছিল। হয়তো সেই মুহূৰ্তত মনত পৰিছিল কিমান প্ৰত্যাহ্বান আৰু দাৰিদ্ৰতাক নেওচি ইণ্ডোনেছিয়ালৈ ওলাই গৈছিল স্বপ্না। 'অ' মা' বুলি চিঞৰা বাসনা বৰ্মনে হয়তো মা বুলি সেই মুহূৰ্তত কোনো আৰোধ্য দেৱীক সম্বোধন কৰিছিল। তাৰ পাছত তেওঁ কান্দি কান্দি ঘৰৰ ভিতৰৰ পৰা ওলাই গৈছিল। ঘৰৰ বাহিৰত থকা কালী মন্দিৰৰ সন্মুখত দীঘল দি পৰিছিল স্বপ্নাৰ মাতৃ।
এই দৃশ্যই আৱেগিক নকৰাকৈ থাকিব কাক? ২০১৭ এছিয়ান চেম্পিয়নশ্বিপতো স্বৰ্ণ জয় কৰিছিল স্বপ্নাই। নামৰ অৰ্থই যাৰ সপোন। তেওঁ এতিয়া কেৱল জয় কৰি গৈছি ইটোৰ পিছত সিটো সপোন। ৪ বছৰ আগতে এইগৰাকী স্বপ্নাই পদক নোপোৱাকৈ এছিয়ান গেমছৰ পৰা উভতিবলগীয়া হৈছিল। সেইবাৰ স্বপ্নাই ৫১৭৮ পইণ্টেৰে চতুৰ্থ স্থানত আছিল। কিন্তু এইবাৰ বিমুখ হ'বলগীয়া নহ'ল স্বপ্না। ৬০২৬ পইণ্টেৰে এছিয়ান গেমছৰ স্বৰ্ণ জয়ৰ সপোন পূৰণ কৰিলে স্বপ্নাই।
দৰিদ্ৰ কেতিয়াও প্ৰতিভা বিকাশৰ বাধা হ'ব নোৱাৰে। এই কথা প্ৰমাণ কৰিলে স্বপ্নাই। ৫ বছৰ পূৰ্বে পক্ষাঘাত হৈ শয্যাগত হৈ থকা পিতৃক স্বপ্নাই উপাৰ্জন কৰা ধনেৰে চিকিৎসাও কৰিবলগীয়া হয়। স্বপ্নাৰ জীৱনৰ এই কাহিনী ঘাত-প্ৰতিঘাতেৰে ভৰা চিনেমাৰ দৰেই। ৰাতিটোৰ ভিতৰতেই এতিয়া স্বপ্না হৈ পৰিছে দেশবাসীৰ নয়নৰ মণি। চুবুৰীয়া ৰাজ্যৰ স্বপ্নাৰ এই সফতাৰ পাছতেই আজি আহিল হিমাৰ স্বৰ্ণ জয়ৰ খবৰ। হিমা আছিল কৃষকৰ কন্যা। ইফালে, স্বপ্না শ্ৰমিকৰ জীয়ৰী। দুয়ো ভিতৰুৱা অঞ্চলৰ পৰা ওলাই গৈছিল। দুখন চুবুৰীয়া ৰাজ্যৰ দুই কন্যাৰ এনে সফলতাই দেশবাসীক আজি উৎফুল্লিত কৰি তুলিছে। স্বপ্নাৰ বাসগৃহত হয়তো সেই ভিৰ নাই। কিন্তু হিমাৰ বাসগৃহত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/swapna-300x169.jpg)
স্বপ্না বৰ্মনৰ এই সফলতাৰ পাছতহে আজি পশ্চিম বংগৰ পৰ্যটন মন্ত্ৰী গৌতম দেৱ গৈ উপস্থিত হৈছিলগৈ স্বপ্নাৰ বাসগৃহত। স্বপ্নালৈ ১০ লাখ টকা আগবঢ়ালে পশ্চিমবংগৰ চৰকাৰৰ হৈ। বংগকন্যা মমতা অসমৰ এন আৰ চিক লৈহে সৰৱ, কিন্তু নিজ ৰাজ্যৰ এগৰাকী কন্যাই এনে সফলতা অৰ্জন কৰাৰ পাছতো ১০ লাখ টকা দিয়ে দায়িত্ব সামৰিলে। এতিয়া স্বপ্না আৰু হিমাৰেই নাম চৌদিশে। দুয়োয়ে জিনিছে কোটি কোটি দেশবাসীৰ হৃদয়। নিজাকৈ এটা বাসগৃহ সাজিবলৈ এটুকুৰা মাটি নথকা স্বপ্নাৰ এই সফলতাই পৰিয়ালটোৰ সুখ আৰু সমৃদ্ধিৰ দুৱাৰ মেলি দিব বুলি আশাবাদী স্বপ্নাৰ পিতৃ-মাতৃ।
স্বপ্না আৰু হিমাই কৈ গ'ল- সফলতা নাহে চমু বাটেৰে। সাধনা আৰু পৰিশ্ৰমেহে আনি দিয়ে সফলতা। লগত লাগে একাগ্ৰতা। আৰ্থিক দুৰাৱস্থা, পিছপৰা অঞ্চলৰ পৰা গৈ এছিয়ান গেমছত সফলতাৰ শীৰ্ষত আৰোহণ কৰিছে এই দুই কন্যা, স্বপ্না আৰু হিমাই। পশ্চিমবংগৰ জলপাইগুৰিৰ কন্যা স্বপ্না আৰু অসমৰ ধিঙৰ কন্যা হিমা এতিয়া আমাৰে নহয়, দেশবাসীৰ হীৰাৰ টুকুৰা।