/asomiyapratidin/media/media_files/2025/01/31/6zbMPwnotrsU4Gq0ebRN.jpg)
কটন বিশ্ববিদ্যালয় এলামনাই প্ৰেক্ষাগৃহত স্বপ্না বেজবৰুৱাৰ গ্ৰন্থ উন্মোচন
ডিজিটেল ডেস্ক : শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত কটন বিশ্ববিদ্যালয় এলামনাই প্ৰেক্ষাগৃহত দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰে এখন গ্ৰন্থৰ ৰচনা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক তথা লেখিকা স্বপ্না বেজবৰুৱাৰ।
আজিৰ এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক স্বপ্না বেজবৰুৱাৰ নৱতম গ্ৰন্থ ‘জনজাতীয় সংগ্ৰাম আৰু স্বায়ত্ব শাসন’ উন্মোচন কৰে প্ৰণয় ৰাভাই। আনহাতে ৰূপালী স্বৰ্গীয়াৰী অনুবাদিত ‘হাগ্ৰামা মহিলাৰী দ্যা হিৰো অৱ বড়োলেণ্ড‘ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ড০ মিতুমণি বসুমতাৰীয়ে। দুয়োখন গ্ৰন্থ প্ৰকাশ কৰিছে মিডিয়া হাইপে।
গ্ৰন্থ দুখন উন্মোচন কৰি উন্মোচক প্ৰণয় ৰাভাই বড়োসকলৰ জাতীয় সংগ্ৰামৰ বিষয়ে কেতবোৰ মন্তব্য কৰে। লগতে তেওঁ এনে এটা বিষয় বাছনি কৰাৰ বাবে গ্ৰন্থখনৰ স্ৰষ্টা স্বপ্না বেজবৰুৱাক ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/media_files/2025/01/31/ER7KHzQ0PyeLSvfdk7on.jpg)
এই গ্ৰন্থখনৰ দ্বাৰা পঢ়ুৱৈসমাজে জনজাতীয় সংগ্ৰামৰ বিষয়ে তথ্য আহৰণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ উপৰি গ্ৰন্থখনত সন্নিৱিষ্ট কৰা ৰাভা, মিছিং আৰু বড়ো জনজাতিৰ জাতীয় চেতনাৰ উমান পাব বুলি উন্মোচকগৰাকীয়ে প্ৰদান কৰা চমু ভাষণত উল্লেখ কৰে।
/asomiyapratidin/media/media_files/2025/01/31/CCEemmrsnVCIFUZC8lgO.jpg)
আনহাতে উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে গ্ৰন্থখন প্ৰকাশ কৰাৰ বাবে স্বপ্না বেজবৰুৱাৰ শলাগ লয়। লগতে হাগ্ৰামা মহিলাৰীৰ বি বৰুৱা কলেজৰ পৰা আৰম্ভ কৰি একেবাৰে সশস্ত্ৰ সংগ্ৰামৰ যাত্ৰাৰ বিষয়ে কিছু কথা অৱগত কৰে। বিশিষ্ট সাহিত্যিকগৰাকীয়ে হাগ্ৰামা মহিলাৰীৰ সংগ্ৰামী সত্তাটোৰ বিষয়েও কিছু মন্তব্য কৰে।
/asomiyapratidin/media/media_files/2025/01/31/6oxVzroedRJGPAdaBU6S.jpg)
ইফালে ‘জনজাতীয় সংগ্ৰাম আৰু স্বায়ত্ব শাসন’ শীৰ্ষক গ্ৰন্থৰ স্ৰষ্টা স্বপ্না বেজবৰুৱাই কয়- এই গ্ৰন্থখনত বিশেষকৈ অসমৰ ৩টা জনগোষ্ঠীৰ কথা উল্লেখ কৰা হৈছে। মিছিং, ৰাভা আৰু বড়ো। এই তিনিওটা জনগোষ্ঠীয়ে তেওঁলোকৰ স্বায়ত্ব শাসন লাভ কৰিবৰ বাবে কৰা সংগ্ৰামৰ কথা ইয়াত উল্লেখ কৰা হৈছে। এইখন তথ্যসম্বৃদ্ধ গ্ৰন্থ। অনাগত দিনত কোনো গৱেষক অথবা নতুন প্ৰজন্মই যদি তিনিওটা জনগোষ্ঠীৰ বিষয়ে জানিব বিচাৰে তেন্তে এই গ্ৰন্থখনৰ দ্বাৰা উপকৃত হ’ব পাৰিব বুলি লেখিকা স্বপ্না বেজবৰুৱাই জানিবলৈ দিয়ে।
/asomiyapratidin/media/media_files/2025/01/31/dMB2BOIUY0QYpZgJ8EHc.jpg)
উল্লেখযোগ্য যে আজিৰ এই গ্ৰন্থ উন্মোচনী সভাৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এক আলোচনা চক্ৰৰ। আলোচনা চক্ৰখনিৰ বিষয়বস্তু আছিল - ‘অসমৰ জনজাতীয় সমস্যা আৰু স্বায়ত্ব শাসন’। এই বিষয়বস্তু সন্দৰ্ভত বক্তব্য প্ৰদান কৰে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ত্ৰিদিব ভাগৱতীয়ে।
ভাগৱতীয়ে ভীমবৰ দেউৰী, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মকে ধৰি হাগ্ৰামা মহিলাৰী জীৱন যাত্ৰাৰ সম্পৰ্কত কেতবোৰ মন্তব্য কৰে। জনজাতীয় সমস্যাসমূহ বৃহত্তৰ অসমীয়া জাতিৰ সমস্যা হিচাপে ল’বলৈও তেওঁ অনুৰোধ জনায়।
/asomiyapratidin/media/media_files/2025/01/31/TFzlm715Ydt2MzmmYT59.jpg)
লগতে কটন কলেজত পঢ়িবলৈ অহা ভীমবৰ দেউৰীয়ে কিধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল সেই সম্পৰ্কেও তেওঁ মন্তব্য কৰে। ভাষণ প্ৰসংগত তেওঁ বড়ো আন্দোলনৰ ছহিদসকলৰ বিষয়েও কিছু কথা অৱগত কৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰ এই অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে পদ্মশ্ৰী মঙ্গল সিং হাজোৱাৰীয়ে। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তৰেণ বড়ো, মুকেশ দলেকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানত ভিন ভিন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া প্ৰমুখ্যে ছাত্ৰ- ছাত্ৰীসকল উপস্থিত থাকে।