ভোলানাথ মহাবিদ্যালয়ৰ চৌহদত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিৰ উন্মোচন

ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ৰ চৌহদত আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয় স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি। এই অনুষ্ঠানত এবিভিপিৰ ৰাষ্ট্ৰীয় সম্পাদক কমলেশ সিং উপস্থিত থাকে।

author-image
Asomiya Pratidin
New Update
ooooo

ভোলানাথ মহাবিদ্যালয়ৰ চৌহদত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিৰ উন্মোচন

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ৰ চৌহদত আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয় স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতৃত্বাধীন ধুবুৰী ভোলানাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আগবঢ়োৱা এই প্ৰচেষ্টাই কেৱল এক প্ৰতিমূৰ্তিৰ স্থাপনেই নহয়, ভাৰতৰ চিৰন্তন আদৰ্শ আৰু স্বামীজীৰ দৃষ্টিভংগীৰ পুনৰুত্থানৰ এক শুভ বাৰ্তা কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে একাংশ লোকে।

Advertisment

এই অনুষ্ঠানত এবিভিপিৰ ৰাষ্ট্ৰীয় সম্পাদক কমলেশ সিং, এবিভিপিৰ অসম ৰাজ্যিক সংগঠনৰ সঞ্চালক অনুপ কুমাৰৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক, ধুবুৰী নগৰৰ বহু বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে। 

এবিভিপি