/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7081fe4f-e3cb-4655-8bb3-d54c1f7c4521/swaroopa.jpg)
swami swaroopananda is no more
ডিজিটেল ডেস্কঃ শংকৰাচাৰ্য স্বামী স্বৰূপানন্দ আৰু নাই। ৯৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে স্বামী স্বৰূপানন্দই। দেওবাৰে আবেলি ৩-৩০ বজাত মধ্য প্ৰদেশৰ এখন আশ্ৰমত শেষ নিশ্বাস ত্যাগ কৰে তেখেতে।
হৃদৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়। উল্লেখ্য যে স্বামী স্বৰূপানন্দ দ্বাৰকা, শাৰদা আৰু জ্যোতিষ পীঠৰ শংকৰাচাৰ্য আছিল।
স্বামীৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক ব্যক্ত কৰিছে ।কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়েও শোক ব্যক্ত কৰিছে স্বামী স্বৰূপানন্দৰ মৃত্যুত।