/asomiyapratidin/media/media_files/2025/05/04/5uQQV8v50hfyLzbo9doF.jpg)
ডিজিটেল ডেস্কঃ পদ্মশ্ৰী বঁটা বিজয়ী তথা প্ৰখ্যাত আধ্যাত্মিক গুৰু বাবা শিৱানন্দৰ স্বাস্থ্যজনিত জটিলতাৰ বাবে শনিবাৰে নিশা দেহাৱসান ঘটে। স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ যোৱা ৩০ এপ্ৰিলত তেওঁক বি এইচ ইউ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
লক্ষ্যণীয় যে, বাবা শিৱানন্দৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১২৮ বছৰ। জনসাধাৰণে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বাবৰ নশ্বৰ দেহ কবিৰনগৰ কলনীস্থিত তেওঁৰ বাসগৃহত ৰখা হৈছে। আজি সন্ধিয়াৰ পিছত তেওঁৰ শেষ কৃতকাৰ্য্য সম্পন্ন কৰা হ’ব বুলি শিষ্যসকলে জনায়।
উল্লেখ কৰা প্ৰয়োজন, ১৮৯৬ চনৰ ৮ আগষ্টত বৰ্তমানৰ বাংলাদেশৰ চিলেট জিলাত জন্মগ্ৰহণ কৰা বাবা শিৱানন্দৰ মাত্ৰ ৬বছৰ বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত ওমকৰ্ণন্দই তেওঁৰ দায়িত্ব লয় আৰু তেওঁৰ অভিভাৱক আৰু গুৰু হৈ পৰে। ওমকৰ্ণন্দৰ নিৰ্দেশনাত বাবা শিৱানন্দই আধ্যাত্মিক শিক্ষা আৰু জীৱন শিক্ষা লাভ কৰিছিল।