দৰিদ্রতাৰ বাবে চৰম সিদ্ধান্ত! অৱশেষত মাছমৰীয়াই উদ্ধাৰ কৰিলে ব্ৰহ্মপুত্ৰত জাঁপ দিয়া যুৱকক

অৱশেষত উদ্ধাৰ কৰা হ'ল শুৱালকুছি ব্রহ্মপুত্রত জাঁপ দিয়া যুৱকক ।

author-image
Asomiya Pratidin
New Update
দৰিদ্রতাৰ বাবে চৰম সিদ্ধান্ত! অৱশেষত মাছমৰীয়াই উদ্ধাৰ কৰিলে ব্ৰহ্মপুত্ৰত জাঁপ দিয়া যুৱকক

ডিজিটেল ডেস্ক: অৱশেষত উদ্ধাৰ কৰা হ'ল শুৱালকুছি ব্রহ্মপুত্রত জাঁপ দিয়া যুৱকক । দেওবাৰে শৰাইঘাট দলঙৰ পৰা ব্রহ্মপুত্রত আত্মহত্যাৰ বাবে জাঁপ দিছিল এজন যুৱকে।

Advertisment

কিন্তু কোনোমতে প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ। নৈৰে মাজেৰে উটি গৈ থকা অৱস্থাত মাছমৰীয়াই উদ্ধাৰ কৰে যুৱকজনক। মাছমৰীয়াই যুৱকজনক উদ্ধাৰ কৰি গতাই দিয়ে শুৱালকুছি নদী আৰক্ষীক।

যুৱকজন বাক্সা জিলাৰ পূব খাগ্রাবাৰী নাথ চুবাৰ নিপন ঠাকুৰীয়া বুলি জানিব পৰা গৈছে। দৰিদ্রতাৰ বাবে আত্মহত্যাৰ পথ বাচি লোৱাৰ কথা স্বীকাৰ কৰিছে যুৱকজনে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

assam road accident