স্বাগতম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি...

নগাঁও জিলাৰ ৰাইডঙীয়াত স্বাগতম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ সামৰণি পৰে। উল্লেখযোগ্য যে, দহদিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত কণকন শিশু,

author-image
Asomiya Pratidin
New Update
ddddadad

ddddada Photograph: (dddd)

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰাইডঙীয়াত স্বাগতম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ সামৰণি পৰে। উল্লেখযোগ্য যে, দহদিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত কণকন শিশু, কিশোৰ-কিশোৰী, যুৱতী সহ দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

Advertisment

উল্লেখ্য যে, বটদ্ৰৱাৰ সমীপবৰ্তী ঐতিহ্যমণ্ডিত ৰাইডঙীয়াৰ কৰচোং শ্বহীদ স্মৃতি খেলপথাৰৰ সমীপতে থকা চোম গছৰ বাগিছাৰ নৈসৰ্গিক পৰিবেশত স্বাগতম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত এই দহদিনীয়া কৰ্মশালাত কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা বিহুনাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণ দিয়া হৈছিল৷

ঢোলৰ চেঁৱে চেঁৱে প্ৰতিগৰাকী নাচনীয়ে কঁকাল ভাঙি বিহু নাচৰ প্ৰশিক্ষণ লোৱাৰ সমান্তৰালভাৱে কণকণ ঢুলীয়া সকলো ব্যস্ত হৈ পৰিছিল ঢোল বাদন কৰ্মশালাত। ইফালে এই প্ৰশিক্ষণ গ্ৰহণ কৰি সন্তোষ প্ৰকাশ কৰাৰ লগতে আগন্তুক বিহুত ককাল ঘুৰাই নাচিবলৈ সাজু হৈছে প্ৰশিক্ষাৰ্থীসকল।

আজি সামৰণি অনুষ্ঠানত স্বাগতম সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ৰিপুঞ্জয় শইকীয়া, সম্পাদক ঋতুৰাজ ভূঞা, সমীৰ ৰায়চৌধুৰী, বিত্ত সম্পাদক প্ৰাঞ্জল ৰাজখোৱা, প্ৰসন্ন শইকীয়া, প্ৰশিক্ষক কংকনা কোঁৱৰকে আদি কৰি সহস্ৰাধিক লোক উপস্থিত থাকে। (ফটো পঠিওৱা হৈছে)

নগাঁও