নৱেম্বৰত ভাৰতত বিক্ৰী হ'ল ছুজুকিৰ প্ৰায় ৯৫হাজাৰ বাইক...

ভাৰতত বৃদ্ধি পাইছে ছুজুকি কোম্পানীৰ বাইক বিক্ৰী। শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছে। দেওবাৰে চুজুকি মটৰ চাইকেল ইণ্ডিয়া প্ৰাইভেট লিমিটেডে

author-image
Asomiya Pratidin
New Update
suzuki

ডিজিটেল ডেস্কঃ ভাৰতত বৃদ্ধি পাইছে ছুজুকি কোম্পানীৰ বাইক বিক্ৰী। শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছে। দেওবাৰে চুজুকি মটৰ চাইকেল ইণ্ডিয়া প্ৰাইভেট লিমিটেডে সদৰি কৰে যে,  যোৱা বছৰৰ নৱেম্বৰ মাহত ৮৭,০৯৬ ইউনিট বিক্ৰী হোৱাৰ বিপৰীতে ২০২৪ৰ নৱেম্বৰ মাহত মুঠ বিক্ৰী ৮ শতাংশ বৃদ্ধিৰে ৯৪,৩৭০ খন বাইক বিক্ৰী হৈছে ভাৰতত। 

চুজুকি মটৰ চাইকেল ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এছএমআইপিএল) এক বিবৃতিত কয় যে,  যোৱা মাহত ঘৰুৱা বিক্ৰী ৭৮,৩৩৩ ইউনিট হৈছিল, যিটো যোৱা বছৰৰ একে সময়ছোৱাত ৭৩,১৩৫ ইউনিটৰ তুলনাত ৭ শতাংশ বৃদ্ধি পাইছে।

২০২৩ চনৰ নৱেম্বৰ মাহত ১৩,৯৬১ ইউনিট ৰপ্তানিৰ তুলনাত কোম্পানীটোৱে এই বছৰত ৰপ্তানি ১৫ শতাংশ বৃদ্ধি পাই ১৬,০৩৭ ইউনিট হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ ছুজুকিয়ে ভাৰতত পৃথককৈ স্থাপন কৰিছিল এটা কাৰ্যালয়। যৰ পৰাই নতুনকৈ উতপাদন কৰা হৈছিল ছুজুকিৰ বহু বাইক। 

ভাৰত