/asomiyapratidin/media/media_files/2025/03/06/OIqAQQ5jHpeUK5v1OuQB.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ মৰাপাটs উন্নয়ন সঞ্চালকালয়, কলকাতাৰ তিনিগৰাকী শীৰ্ষস্থানীয় বিষয়াই আজি শুৱালকুছিৰ গান্ধমৌ গাঁৱৰ উত্তৰ কামৰূপ কৃষক উৎপাদক কোম্পানীৰ কৃষি পথাৰ পৰিদৰ্শন কৰে। কৃষক উৎপাদক কোম্পানীটোৱে এইবছৰ প্ৰথমবাৰৰ বাবে ১০ বিঘা মাটিত ঘেঁহুৰ খেতি কৰিছে।
/asomiyapratidin/media/media_files/2025/03/06/6XWWRVgHiNoWAs4DmwHW.jpg)
উল্লেখ্য যে মাটিমাহৰ খেতি তোলাৰ পিছতেই সেই একেডৰা মাটিতেই তেওঁলোকে এই ঘেঁহুৰ খেতি কৰিছে। ইয়াৰদ্বাৰা তেওঁলোকে ইয়াকে জনাব বিচাৰিছে যে উচিত পৰিকল্পনা কৰিলে অসমৰ মাটিত বছৰৰ বাৰটা মাহতে খেতি কৰিব পাৰি।
আজি কলকাতাৰ পৰা অহা দলটোৱে তেখেতসকলৰ ঘেঁহু খেতি ডৰাৰ লগতে বৃহৎ অঞ্চলযুৰি কৰা ফুলৰ খেতি দেখিও উৎবোদ্ধ হয় আৰু কৃষকসকলক অনাগত ভবিষ্যতেও ফুলৰ লগতে ঘেঁহুৰ খেতি কৰিবলৈ উৎসাহ যোগায়।
/asomiyapratidin/media/media_files/2025/03/06/1mmuZ1uMUDZqO0M9gvAf.jpg)
কৃষি পথাৰ পৰিদৰ্শনৰ অন্তত কৃষকসকলে সন্মুখীন হোৱা সমস্যা সম্পৰ্কে আলোচনা কৰাৰ লগতে সমাধান দিবলৈ চেষ্টা কৰে। প্ৰায় ১৮০ গৰাকী কৃষককলৈ গঠন হোৱা এই উত্তৰ কামৰূপ কৃষক উৎপাদক কোম্পানীটোৱে ফুলৰ খেতিৰ লগতে বেঙেনা, আলু, মাটিমাহ, সৰিয়হ ইত্যাদি বিভিন্ন ধৰণৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে।
/asomiyapratidin/media/media_files/2025/03/06/jY7t1efLY3XFkLVh6ZQc.jpg)
আজিৰ দলটোত মৰাপাট উন্নয়ন সঞ্চালকালয়, কলকাতাৰ সহযোগী সঞ্চালক এ. আনচাৰিৰ লগতে উপস্থিত থাকে মৰাপাট উন্নয়ন সঞ্চালকালয়, কলকাতাৰে অনুজ কুমাৰ আৰু অতনু প্ৰসাদ। উক্ত ভ্ৰমণ কাৰ্যসূচীত তেওঁলোকক সহযোগ কৰে খাদ্য আৰু পৰিপুষ্ট সেৱা (FNS) ৰ ৰাজ্যিক পৰামৰ্শদাতা অৰুণিমা দেৱী চৌধুৰী, খাদ্য আৰু পৰিপুষ্ট সেৱা (FNS) ৰ জিলা নডেল বিষয়া, কামৰূপ মানস প্ৰতিম মহন্ত, বংশৰ আৰু হাজোৰ কৃষি উন্নয়ন বিষয়াদ্বয় ক্ৰমে ভাস্বতী শৰ্মা আৰু কাশ্যপ পৰাগ বেজবৰুৱা, মিডিয়া বিশেষজ্ঞ অক্ষমালা মহন্তৰ লগতে বিভাগীয় অন্যান্য বিষয়া কৰ্মচাৰীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us