/asomiyapratidin/media/media_files/2025/01/23/IXtbR9cabnksjPFeKcke.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদী সংগঠন কুটুম্ব সুৰক্ষা পৰিষদে বিগত তিনি বছৰ ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ হেতু "ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন"ৰ আয়োজন কৰি আহিছে। ২০২২, ২০২৩ আৰু ২০২৪ বৰ্ষত "সূত্ৰধাৰ" শীৰ্ষক এই বিশেষ অনুষ্ঠান ক্ৰমে উত্তৰ প্ৰদেশৰ শ্ৰীধাম বৃন্দাবন, মধ্য প্ৰদেশৰ উজ্জয়িনী আৰু উত্তৰ প্ৰদেশৰ শ্ৰীধাম অযোধ্যাত অনুষ্ঠিত হৈছিল।
এই বেলি ২০২৫ বৰ্ষৰ এই বিশেষ ৰাষ্ট্ৰীয় অনুষ্ঠানটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপজা ভূমি অসমৰ বটদ্ৰৱাত অনুষ্ঠিত কৰা হ'ব। আজি গুৱাহাটীৰ চন্দ্ৰপুৰৰ তাতিমাৰাত থকা পৰিষদৰ মুখ্য কাৰ্যালয় "চাণক্যপীঠ"ৰ পৰা এক বিশেষ প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই জনাই যে ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত হৈ থকা "সূত্ৰধাৰ" শীৰ্ষক এই বিশেষ অনুষ্ঠানত "সূত্ৰধাৰ-কুটুম্ব সুৰক্ষা পৰিষদ"ৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটাৰে সমাজৰ প্ৰতি বিশেষ বিশেষ ক্ষেত্ৰত বৰঙনি যোগোৱা বিশিষ্ট ব্যক্তিক সন্মান জনাই আহিছে।
বিশেষ সন্মানবোৰৰ ভিতৰত এটি বিশেষ বঁটা হ'ল "সংস্কৃতি সাধনা বঁটা"। সূত্ৰধাৰ-২০২৩ আৰু সূত্ৰধাৰ-২০২৪ ত পৰিষদে এই বঁটা প্ৰদান কৰিছে অসমৰ দুগৰাকী বিশিষ্ট সংস্কৃতি সাধক ক্ৰমে দিহানামৰ লোকশিল্পী যোৰহাট জিলাৰ মুনিন বৰা আৰু নাগাৰা নামৰ লোকশিল্পী নলবাৰী জিলাৰ ৰামচৰণ ভৰালীক।
পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই জানিবলৈ দিয়া মতে "সূত্ৰধাৰ" মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ হেতু তেখেত সকলে শৰীৰত সাহস-শক্তি থকালৈকে ৰাইজৰ সহযোগত কৰি থাকিব আৰু তেতিয়ালৈকে এই বঁটা সমূহ সমাজৰ সনাতন চিন্তাক আগুৱাই নিবলৈ প্ৰয়াস কৰা বিশেষ ব্যক্তিৰ প্ৰতি সন্মান হিচাপে আগবঢ়াই যাব।
প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ সংগীত সাধনাৰ প্ৰতি সন্মান জনায় "ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন" "সূত্ৰধাৰ"ৰ মঞ্চৰ পৰা প্ৰদান কৰি থকা "সংস্কৃতি সাধনা বঁটা" এতিয়াৰে পৰা "ৰাজীৱ শদিয়া সংস্কৃতি সাধনা বঁটা" হিচাপে নামাকৰণ কৰি প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰা হয় প্ৰেছ বিজ্ঞপ্তিত । এই বেলি বটদ্ৰৱাত আয়োজন হ'বলগীয়া "সূত্ৰধাৰ ২০২৫"ত গণশিল্পী ৰাজীৱ শদিয়াৰ নামত এখনি বিশেষ মঞ্চ তৈয়াৰ কৰি বিশেষ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলিও সদৰী কৰে বিষয়ববীয়াই ।