/asomiyapratidin/media/media_files/2025/01/31/r9YDtnyE4UgmLruPUmHi.jpg)
ডিজিটেল সংবাদ,হাজোঃ হাজোত সংঘটিত হৈছে এক আজৱ কাণ্ড । সন্দেহযুক্ত নাগৰিকে বলপূৰ্বক দখল কৰিলে মিঞা সম্প্ৰদায়ৰ লোকৰ ভূমি ।
সন্দেহজনক লোকে একাংশ মিঞা নাগৰিকৰ ভূমি বলপূৰ্বকভাৱে দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে কোৱাৰপুৰৰ স্থানীয় ৰাইজে । সন্দেহযু্ক্ত লোকক সংস্থাপনৰ নামত একাংশ দুস্কৃতিকাৰীয়ে ৰমৰমীয়া বেহা চলাই যোৱা বুলিও উল্লেখ কৰে অঞ্চলটোৰ ভুক্তভোগী লোকসকলে ।
আইমুদ্দিন,জলিল আৰু বাৰেক নামৰ তিনিজনে ব্যাপক হাৰত বলপূৰ্বক ভূমি বেদখল আৰু মাফিয়াৰাজ চলাই যোৱা বুলি মন্তব্য কৰে ভুক্তভোগীয়ে । বৈধ নথি পত্ৰ থকা মাটিত সজা গৃহস্থৰ ঘৰ-বেৰ ভাগি তাণ্ডৱ চলাইছে এই তিনি মাফিয়াৰ দলে ।
উল্লেখযোগ্য যে বাধা প্ৰদান কৰিলে এক প্ৰকাৰ হত্যাৰ ভাবুকি দিয়া এই সকল মাফিয়াৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত গোচৰ তৰিছে ভুক্তভোগী পৰিয়ালে । বৈধ নথি পত্ৰ থকা ভূমিত অবৈধ ভাৱে বেদখল কৰি সন্দেহ জনক নাগৰিকক সংস্থাপন দিব বিচৰা এই মাফিয়া চক্ৰৰ বিৰুদ্ধে হাজো আৰক্ষীয়ে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষণীয়।