কোকৰাঝাৰ- ধুবুৰীত আটক সন্দেহযুক্ত জেহাদী...

কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত আৰু বিলাসীপাৰাত মঙলবাৰে শেষনিশা এচটিএফে অভিযান চলাই বাংলাদেশৰ জইছ -ঈ-মহম্মদৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত কেইবাজনো সন্দেহযুক্ত জেহাদীক আটক কৰে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ নামনি অসমৰ কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত আৰু বিলাসীপাৰাত মঙলবাৰে শেষনিশা এচটিএফে অভিযান চলাই বাংলাদেশৰ জইছ -ঈ-মহম্মদৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত কেইবাজনো সন্দেহযুক্ত জেহাদীক আটক কৰে ।

এচটিএফে কোকৰাঝাৰৰ পৰা আটক কৰা সন্দেহযুক্ত জেহাদীসকল হ'ল ক্ৰমে নুৰ ইছলাম মণ্ডল, আব্দুল কৰিম মণ্ডল , মজিবুৰ ৰহমানআৰু হামিদুল ইছলাম । আনহাতে বিলাসীপাৰাৰ পৰা এনামুলক আটক কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে গুৱাহাটীৰ পৰা যোৱা বিশেষ টাস্ক ফৰ্চে কোকৰাঝাৰ আৰু বিলাসীপাৰাত অভিযান চলাই এই সফলতা লাভ কৰে। এচটিএফে কোকৰাঝাৰৰ নামাপাৰা, কাশিপাৰা, বড়ো ভদেয়াগুৰী আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা আটক কৰে সন্দেহযুক্ত জেহাদীকেইটাক।

বৰ্তমানলৈকে সন্দেহযুক্ত জেহাদীকেইটাৰ বিতং তথ্য আৰক্ষীয়ে সদৰি কৰা নাই। ইতিমধ্যে আটকাধীন সন্দেহযুক্ত জেহাদীকেইটা লৈ গুৱাহাটীলৈ ৰাওনা হৈছে এচটিএফৰ দল ।

উল্লেখ্য যে এচটিএফে সাধাৰণ পোছাকত মঙলবাৰে সন্ধিয়া কোকৰাঝাৰৰ বজাৰৰ পৰা এজন সন্দেহযুক্ত জেহাদীক আটক কৰাৰ পিছত শেষনিশা জিলাখনৰ নামাপাৰা, কাশিপাৰা, বড়ো ভদেয়াগুৰীত অভিযান চলাই সন্দেহযুক্ত জেহাদীকেইটাক আটক কৰিছিল।

অন্যহাতে আটকাধীন সন্দেহযুক্ত জেহাদীসকলৰ পৰিয়ালৰ লোকে সদৰি কৰা মতে পেশাত ৰাজমিস্ত্ৰী, টাইলচ মিস্ত্ৰী কৰি কোনোমতে পৰিয়াল পোহপাল দি থকা তেওঁলোকৰ সন্তান কোনোপধ্যে বেয়া কামত লিপ্ত নাছিল আৰু তেওঁলোক নিৰ্দোষী বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ।

কোকৰাঝাৰ