‘সুশান্ত সিং ৰাজপুতৰ গোচৰৰ পুনৰ তদন্ত কৰিব মহাৰাষ্ট্ৰ চৰকাৰে’

মহাৰাষ্ট্ৰ চৰকাৰৰ বিশেষ তদন্তকাৰী দলে পুনৰ সুশান্ত সিং ৰাজপুতৰ গোচৰৰ তদন্ত কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা সদৰী কৰিছে বিজেপিৰ বিধায়ক ৰাম কদমে ।

author-image
Asomiya Pratidin
New Update
পুনৰ হ'ব তদন্ত!

পুনৰ হ'ব তদন্ত!

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ চৰকাৰৰ বিশেষ তদন্তকাৰী দলে পুনৰ সুশান্ত সিং ৰাজপুতৰ গোচৰৰ তদন্ত কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা সদৰী কৰিছে বিজেপিৰ বিধায়ক ৰাম কদমে । সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, "উদ্ধৱ থাকৰে চৰকাৰে ৬৮ দিন ধৰি গোচৰটো চিবিআইক গতাই দিয়া নাছিল। কেতিয়া গতাই দিয়া হৈছিল? যেতিয়া তেওঁৰ ঘৰৰ আচবাববোৰ আঁতৰাই দিয়া হ’ল, ঘৰটোত ৰং কৰা হ’ল, সেই ঘৰটো পুৰণি মালিকৰ হাতত গতাই দিয়া হ’ল। বিহাৰৰ পৰা আহিছিল আৰক্ষী, তদন্ত কৰিবলৈ দিয়া হোৱা নাছিল। এই সকলোবোৰ বিন্দু সংযোগ কৰিলেই স্পষ্ট হৈ পৰে যে, উদ্ধৱ থাকৰেৰ চৰকাৰৰ প্ৰমাণ ধ্বংস কৰাৰ সাহস আছিল।" বুলি মন্তব্য কৰে বিজেপিৰ বিধায়ক গৰাকীয়ে।

Advertisment

এনে কাৰণ সমূহৰ বাবে সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে ন্যায় নাপালে বুলি দাবী কৰে বিধায়কগৰাকীয়ে। লগতে তেওঁ সদৰী কৰে, "মহাৰাষ্ট্ৰ চৰকাৰে এখোজ আগুৱাই গৈ সিদ্ধান্ত লৈছে যে দিশা ছালিয়ান গোচৰৰ তদন্ত কৰা এছ আই টিয়ে নতুনকৈ তদন্ত কৰিব। মই এই বিষয়টো বিধানসভাত উত্থাপন কৰো। এতিয়া অন্ততঃ সুশান্ত সিং ৰাজপুতৰ পৰিয়াল আৰু তেওঁৰ অনুৰাগীসকলে নিশ্চিতভাৱে ন্যায় পাব।"

উল্লেখযোগ্য যে,২০২০ চনৰ ১৪ জুন তাৰিখে সুশান্তক নিজৰ ফ্লেতত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। এই ঘটনাই তেওঁৰ অনুৰাগীক স্তম্ভিত কৰি তুলিছিল। শেহতীয়াকৈ আত্মহত্যাৰ গোচৰত চিবিআইৰ চূড়ান্ত প্ৰতিবেদনত অভিনেতাজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ আত্মহত্যা বুলি কোৱা হৈছিল। সুশান্তক কোনোবাই জোৰ কৰি আত্মহত্যা কৰাৰ কোনো প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰিছিল চিবিআইয়ে।

সুশান্ত সিং ৰাজপুত