চিবিআইৰ ক্লিন চিটৰ পাছতে ৰিয়া চক্ৰৱৰ্তীৰ প্ৰথম প্ৰতিক্ৰিয়া

২০২০ চনত এপাৰ্টমেণ্টৰ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল সুশান্তক। তাৰ পিছত তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী এই গোচৰত অভিযুক্ত হৈ পৰিছিল। পিছে চিবিআইয়ে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালক ক্লিন চিট দিছে। ইয়াৰ পিছতে চৰ্চালৈ আহিছে ৰিয়াৰ প্ৰথম প্ৰতিক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
'মই সন্তুষ্ট'- ৰিয়া চক্ৰৱৰ্তী

'মই সন্তুষ্ট'- ৰিয়া চক্ৰৱৰ্তী

ডিজিটেল ডেস্ক: বন্ধ হ'ব বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰ! চিবিআইয়ে ইতিমধ্যে মুম্বাই আদালতত গোচৰটো বন্ধৰ প্ৰতিবেদন দাখিল কৰিছে। আত্মহত্যাৰ গোচৰত চিবিআইৰ চূড়ান্ত প্ৰতিবেদনত অভিনেতাজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ আত্মহত্যা বুলি কোৱা হৈছিল। চিবিআইয়ে সুশান্তক কোনোবাই জোৰ কৰি আত্মহত্যা কৰাৰ কোনো প্ৰমাণ পোৱা নাই। 

Advertisment

২০২০ চনৰ ১৪ জুনত মুম্বাইৰ বান্দ্ৰাত থকা নিজৰ এপাৰ্টমেণ্টৰ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল সুশান্তক। তাৰ পিছত তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালো এই গোচৰত অভিযুক্ত হৈ পৰিছিল। পিছে চিবিআইয়ে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালক ক্লিন চিট দিছে। ইয়াৰ পিছতে চৰ্চালৈ আহিছে ৰিয়াৰ প্ৰথম প্ৰতিক্ৰিয়া।

ক্লিন চিট পোৱাৰ পাছতে ৰিয়াই  ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁৰ আগন্তুক শ্ব’ এমটিভি ৰ’ডিজৰ কিছু ফটো পোষ্ট কৰি বেকগ্ৰাউণ্ডত এটা বিশেষ গীত বজাইছে। এই গীতটোৰ নাম চেটিস্ফাইড (satisfied)। যাৰ অৰ্থ- 'মই সন্তুষ্ট।' ৰিয়াৰ এই পোষ্টটোত অনুৰাগীসকলেও সুশান্ত সিং ৰাজপুতৰ গোচৰত ক্লীন চিট পোৱাৰ বাবে অভিনন্দন জনাইছে।

উল্লেখযোগ্য যে, সুশান্তৰ পৰিয়ালে মুম্বাই আদালতত আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। এইমছৰ বিশেষজ্ঞৰ সহায়ত চিবিআইয়ে সুশান্তৰ আত্মহত্যা আৰু ফাউল প্লে কেছৰ তদন্ত কৰিছিল। এইমছৰ ফৰেনছিক দলে কোনো ধৰণৰ ফাউল প্লে নুই কৰিছিল। কিন্তু সুশান্তৰ পৰিয়ালে আজিও সহজভাৱে লব পৰা নাই সমগ্ৰ ঘটনা।

সুশান্ত সিং ৰাজপুত