ডিমৌত সুশান্ত বৰগোহাঁইৰ প্ৰতিমূৰ্তি দাহ...

কংগ্ৰেছী প্ৰাৰ্থী গৰাকীয়ে বিজেপিৰ পৰা টকা লোৱাৰ প্ৰমাণ আছে বুলি কালি এখন নিৰ্বাচনী সভাত সুশান্ত বৰগোহাঁইয়ে মন্তব্য কৰে ৷ ৰাইজে এই অভিযোগৰ প্ৰমাণ বিচাৰে যদিও বিধায়ক গৰাকীয়ে প্ৰমাণ নিদি সভাৰ পৰা কৌশলেৰে আঁতৰি যায় ৷

author-image
Asomiya Pratidin
New Update
sfsdfsf

ডিজিটেল সংবাদ,শিৱসাগৰঃ ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত খৰাহাট পঞ্চায়তত জ্বলিল বিধায়ক সুশান্ত বৰগোহাঁইৰ পুত্তলিকা ৷ আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থী ৰীতা তেলেঙ্গাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ বাবে বিজেপিৰ পালিনেতাই হেঁচা দি এখন কাগজত স্বাক্ষৰ কৰাই লৈছিল ৷

Advertisment

প্ৰাৰ্থী গৰাকীয়ে মনোনয়নপত্ৰ প্ৰত্যাহাৰ নকৰাত ক্ষুণ্ণ হৈ পৰে বিধায়ক সুশান্ত বৰগোহাঁই ৷ কংগ্ৰেছী প্ৰাৰ্থী গৰাকীয়ে বিজেপিৰ পৰা টকা লোৱাৰ প্ৰমাণ আছে বুলি কালি এখন নিৰ্বাচনী সভাত সুশান্ত বৰগোহাঁইয়ে মন্তব্য কৰে ৷

ৰাইজে এই অভিযোগৰ প্ৰমাণ বিচাৰে যদিও বিধায়ক গৰাকীয়ে প্ৰমাণ নিদি সভাৰ পৰা কৌশলেৰে আঁতৰি যায় ৷ তাৰ প্ৰতিক্ৰিয়া হিচাপে আজি চাহ জনগোষ্ঠীয় লোকে সুশান্ত বৰগোহাঁইৰ পুত্তলিকা দাহ কৰি বিজেপি মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰে ৷

ডিমৌ