/asomiyapratidin/media/media_files/2025/03/29/mQvDaNpeohxXyf5GuqtS.jpg)
ডিজিটেল ডেস্কঃ আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। অৱশ্যে এই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহয়। এই সূৰ্যগ্ৰহণ দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, উত্ত এছিয়া, উত্তৰ-পশ্চিম আফ্ৰিকাৰ পৰা অধিক দৃশ্যমান হ'ব। আজিৰ এই দিনটোত শনি দেৱতাই প্ৰৱেশ কৰিব মীন ৰাশিত। প্ৰায় ১০০বছৰৰ পিছত শনি দেৱতাই মীন ৰাশিৰ লগতে অন্যান্য ভিন্ন ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব।
মেষ ৰাশিঃ কেৰিয়াৰত কিছু পৰিৱৰ্তন আহিব পাৰে। খৰছৰ পৰিমাণ বৃদ্ধি পাব। সন্তানৰ ওপৰত বিশেষভাৱে নজৰ দিয়ক। শনিবাৰে সন্ধিয়া গছৰ তলত চাকি দিয়ক।
বৃষ ৰাশিঃ ৰৈ থকা কাম সমাপন হব। শনিয়ে আপোনাৰ বাবে লাভজনক হিচাপে ক্ৰিয়া কৰিব। কেৰিয়াৰত পৰিৱৰ্তন আহিব। প্ৰতিদিনাই শনিমন্ত্ৰ জাপ কৰক।
মিথুনঃ আপোনাৰ বাবে শনিদেৱতা লাভজনক হিচাপে কাম কৰিব। আৰ্থিক স্থিতি যথেষ্ট উন্নত হব। কেৰিয়াৰ উন্নত হব। সম্পত্তি লাভৰ লগতে দূৰ ভ্ৰমণৰ সুযোগ আছে। শনিবাৰে খাদ্য সামগ্ৰী দান কৰক।
কৰ্কটঃ আপোনাৰ স্থিতি কিছু উন্নত হব। বিবাহৰ যোগ আহিব। কৰ্মত বিশেষ হেচাঁ আহিব আৰু কৰ্মস্থান পৰিৱৰ্তন হব পাৰে। পিতৃৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিব। শনিবাৰে সন্ধিয়া গছৰ তলত চাকি জ্বলাব পাৰে।
কন্যাঃ বহু কষ্টৰ বিনিময়ত আপুনি ফল লাভ কৰিব। সন্তান আৰু পৰিয়ালক লৈ বিশেষ চিন্তা থাকিব। কেৰিয়াৰত স্থান পৰিৱৰ্তন হব পাৰে। ভৱামতেই হব পাৰে আপোনাৰ বিবাহ। প্ৰতিদিনে শনিমন্ত্ৰ জাপ কৰক।
তুলাঃ জীৱনত কঠিন পৰিস্থিতিৰ পৰা পৰিত্যাণ পাব পাৰে। স্বাস্থ্য আৰু ধনৰ ক্ষেত্ৰত উন্নতিৰ যোগ আছে। জীৱনটো পৰিকল্পনা কৰি আগবাঢ়ক। শনিবাৰে খাদ্যবস্তু দান কৰক।
বৃশ্চিকঃ যিকোনো কামত বাধা আহিলে সেই কামে আপোনাক লাভ প্ৰদান কৰিব। সন্তানৰ বিবাহ যোগ নামিব। প্ৰতি শনিবাৰে সন্ধিয়া গছৰ তলত বন্তি জ্বলাৱক।
ধনুঃ কেৰিয়াৰত ব্যস্ততা বাঢ়িব। এই সময়ত কোনো ৰিক্স নলব। স্বাস্থ্যৰ ওপৰত ধ্যান ৰাখক। সদায়েই শনি মন্ত্ৰ যাপ কৰক।
মকৰঃ কেৰিয়াৰত কিছু লাভজনক পৰিৱৰ্তন হব পাৰে। সম্পত্তি আৰু ধন লাভৰ যোগ আছে।
কুম্ভঃ স্বাস্থ্যৰ ওপৰত ধ্যান ৰাখক। সকলো কাম আগ্ৰহেৰে কৰক। পাৰিবাৰিক জীৱনত চকু ৰাখক। খৰছ কমিব। শনিবাৰে খাদ্য সামগ্ৰী দান কৰক।
মীনঃ মীন ৰাশিৰ ওপৰত শনিদেৱতাই আগন্তুক দুটা বছৰত বিশেষ প্ৰভাৱ পেলাব। কেৰিয়াৰত সমস্যা বাঢ়িব পাৰে। কষ্টৰ বিনিময়ত বহু কামত সমাপন হব। যিকোনো সিদ্ধান্ত আৱেগিকভাৱে গ্ৰহণ নকৰিব। শনিবাৰে গছৰ তলত চাকি দিয়ক।