পঞ্চভূতত বিলীন সুৰজিৎ গোবিন্দ বৰুৱাঃ দুই কন্যাই কৰিলে মুখাগ্নি...

পঞ্চভূতত বিলীন সুৰজিৎ গোবিন্দ বৰুৱাঃ দুই কন্যাই কৰিলে মুখাগ্নি...

author-image
Asomiya Pratidin
New Update
পঞ্চভূতত বিলীন সুৰজিৎ গোবিন্দ বৰুৱাঃ দুই কন্যাই কৰিলে মুখাগ্নি...

ডিজিটেল ডেস্কঃ পঞ্চভূতত বিলীন হ’ল আছাম ট্ৰিবিউন গোষ্ঠী'ৰ অন্যতম সঞ্চালক তথা স্বত্বাধিকাৰ সুৰজিৎ গোবিন্দ বৰুৱা। মঙলবাৰে বিয়লি ভাগত নৱগ্ৰহ শশ্মানত শেষকৃত্য সম্পন্ন হয় বৰুৱাৰ। এক শোকাকূল পৰিৱেশৰ মাজত বহু সংখ্যক বিশিষ্ট ব্যক্তি আৰু সংবাদিক, সংবাদ কৰ্মীৰ উপস্থিতিত শেষকৃত্য অনুষ্ঠান সম্পন্ন হয়।

Advertisment

সুৰজিৎ গোবিন্দ বৰুৱাৰ মুখাগ্নি কৰে তেওঁৰ দুই কন্যাই। উল্লেখ কৰা প্ৰয়োজন যে, ৫ অক্টোবৰ, ২০২৪ মঙ্গলবাৰে নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে পুৱা ১০:৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল বৰুৱাই।

শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতে তেওঁৰ নশ্বৰ দেহ অনা হৈছিল আসাম ট্ৰিবিউন গোষ্ঠীৰ কাৰ্যালয়লৈ। ইয়াৰ পাছতে তেখেতৰ নিজা বাসগৃহ আৰু তাৰ পাছতে নৱগ্ৰহত শেষকৃত্যু সম্পন্ন কৰা হয়।

প্ৰণিধানযোগ্য যে, ১৯৯৫ চনৰ ২৯ ডিচেম্বৰত তেওঁ অসমবাণী প্ৰাইভেট লিমিটেডৰ সঞ্চালক আৰু ১৯৮৭ চনৰ ১০ আগষ্টত আছাম ট্ৰিবিউন প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ মাতৃ, দুগৰাকী কন্যা আৰু পত্নীক ইহ সংসাৰত এৰি থৈ গৈছে। ১৯৫২ চনৰ ৮ জুলাইত জন্মগ্ৰহণ কৰিছিল বৰুৱাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।

সুৰজিৎ গোবিন্দ বৰুৱা