/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/cbf94d9c-3e38-440b-bd6f-a04a42f859f6/TIHU_1.jpg)
TIHU
ডিজিটেল সংবাদ নলবাৰী: জীৱনী সাহিত্যৰ বিশেষ ভূমিকা আছে । জীৱনী সাহিত্যই পঢ়ুৱৈৰ হৃদয়ত ক’ব নোৱৰাকৈ ইতিবাচক প্ৰভাৱ পেলাব পাৰে । এই সাহিত্যৰ জৰিয়তে লেখকৰ ৰুচি আৰু দৰ্শনৰ বিষয়ে আমি অৱগত হ’ব পাৰোঁ । নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ প্ৰমোদ হালৈয়ে ১ অক্টোবৰত টিহুৰ হাৰিভাঙা গাঁও নিৱাসী সুৰেন্দ্ৰনাথ কলিতাৰ ৰচিত ‘প্ৰ’মিনেণ্ট ফিগাৰ্চ’ অৱ ইণ্ডিয়া’ নামৰ পুথি এখন উন্মোচন কৰি ভাষণ প্ৰসংগত এইদৰে কয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/1175d7a9-ea94-474b-9fc1-da4ffdc5e5fd/5274495f_f159_44d2_bc8e_99d5e59307b4.jpg)
অৱসৰীয়া শিক্ষাব্ৰতী, বিশিষ্ট সমাজসেৱক, লেখক সুৰেন্দ্ৰনাথ কলিতাৰ ৮০ বছৰীয়া জন্মদিন আৰু বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পালনৰ সৈতে সংগতি ৰাখি এই উপলক্ষে আয়োজিত সভাখনত হাৰিভাঙা গাঁও উন্নয়ন সমিতিৰ সভাপতি হৰেন্দ্ৰনাথ হালৈয়ে পৌৰোহিত্য কৰে । সভাত অসম চৰকাৰৰ বন বিভাগৰ ‘ব্ৰেণ্ড এম্বেচাডৰ’ আনন্দ খাটনিয়াৰ, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, অসম ৰাজ্যিক প্ৰদেশীকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ উপদেষ্টা ৰামকৃষ্ণ তালুকদাৰ আৰু সম্পাদক লংকেশ্বৰ দাস, নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক প্ৰিয়নাথ বৰ্মন, টিহু মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যাপক সোমনাথ ডেকা, জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ সম্পাদক কান্তেশ্বৰ কলিতা, অৱসৰীয়া শিক্ষাব্ৰতী প্ৰিয়নাথ ডেকা, লেখিকা ডঃ মঞ্জু হালৈ, লেখক দিলীপ বৰ্মন, অৱসৰীয়া শিক্ষক ৰমেশচন্দ্ৰ শৰ্মা, ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰবন্ধক বাণীকান্ত শৰ্মা প্ৰমুখ্যে বহুকেইগৰাকী লোকে বিশিষ্ট অতিথি হিচাপে ভাগ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6a5bed7c-1f8d-4c8f-892d-04bea0b1419e/864d176d_8fad_401b_afad_9182cd1706e3.jpg)
এই অনুষ্ঠানৰ আগেয়ে শ্ৰীশ্ৰীকলীয়া গোসাঁই মন্দিৰৰ পূজাৰী মথুৰ ডেকাই ভাগৱত পাঠ কৰে । হাৰিভাঙা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নলিনীকান্ত শৰ্মাই বন্তি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।
হাৰিভাঙা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি হৰিচৰণ তালুকদাৰ আৰু সম্পাদক গজেন ঠাকুৰীয়াৰ নেতৃত্বত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তৰফৰপৰা সুৰেন্দ্ৰনাথ কলিতাক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । স্থানীয় সমাজসেৱক জয়ন্ত কলিতাই আঁত ধৰা এই অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে বিভিন্ন উপহাৰেৰে বিশিষ্ট লোকগৰাকীক জনম দিনৰ সাদৰ শুভেচ্ছা জ্ঞাপন কৰে ।