/asomiyapratidin/media/media_files/2025/05/18/cgIi0LgVrda6hgkZvxE9.jpg)
সুৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী জেউতি মৰল ৰত্ন বঁটা বিশিষ্ট গীতিকাৰ প্ৰশান্ত বৰদলৈক প্ৰদান
ডিজিটেল ডেস্ক : বিশিষ্ট গীতিকাৰ- সংগীতকাৰ, লেখক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰশান্ত বৰদলৈলৈ আগবঢ়োৱা হৈছে 'সুৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী জেউতি মৰল ৰত্ন বঁটা'। দেওবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই।
উক্ত অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসমীয়া আধুনিক সংগীতৰ ক্ষেত্ৰখনলৈ প্ৰশান্ত বৰদলৈয়ে আগবঢ়োৱা বৰঙণিৰ বাবেই তেখেতক এই সন্মানেৰে সন্মানিত কৰা হৈছে।
/asomiyapratidin/media/media_files/2025/05/18/aBCcBHCbJ1vK8hMZgZlD.jpg)
উল্লেখযোগ্য যে, অসমীয়া সংগীত জগতৰ বহু কালজয়ী গীতৰ স্ৰষ্টা প্ৰশান্ত বৰদলৈ। ২০২৫ বৰ্ষৰ সুৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী জেউতি মৰল ৰত্ন বঁটা গ্ৰহণ কৰি বৰদলৈয়ে তেখেতলৈ আগবঢ়োৱা এই সন্মানৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
এই বঁটাত আছে এটা স্মাৰক, এখন প্ৰশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা। উল্লেখযোগ্য যে, জেউতি মৰলৰ ৭৫ বছৰ উপলক্ষে এইবাৰৰ পৰা আৰম্ভ কৰা হৈছে সুৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী জেউতি মৰল ৰত্ন বঁটা আৰু এই বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ল বিশিষ্ট গীতিকাৰ, সংগীতকাৰ, লেখক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰশান্ত বৰদলৈলৈ।