/asomiyapratidin/media/media_files/2025/01/12/aSmMYtsRB0W91LbPACtw.png)
সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা : স্বামীৰ সৈতে একেলগে নাথাকিলেও পত্নীক দিব লাগিব ভৰণ- পোষণ...
ডিজিটেল ডেস্ক : দেশৰ মহিলাসকলৰ বাবে সহমৰ্মিতা প্ৰকাশ পাইছে উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানত। অতি শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে বিবাহিতা মহিলাসকলৰ বাবে এক যুগান্তকাৰী ৰায়ত ছীল- মোহৰ মাৰিছে।
এতিয়াৰে পৰা কোনো বিবাহিতা মহিলাই যদি স্বামীৰ সৈতে একেলগে থাকিব নিবিচাৰে, তেন্তে সেই মহিলাগৰাকীৰ ভৰণ- পোষণৰ দায়িত্ব স্বামীয়ে গ্ৰহণ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে দিছে এই ৰায়।
কেৱল ইমানেই নহয়, মহিলাগৰাকীয়ে স্বামীগৃহৰ পৰা মাকৰ ঘৰত থাকিবলৈ ল’লেও এই দায়িত্ব স্বামীয়ে পালন কৰিব লাগিব বুলি বিচাৰপীঠে স্পষ্ট কৰি দিয়ে। অৱশ্যে মহিলাগৰাকীয়ে যদি অকলশৰে থাকিব বিচাৰে বা মাকৰ ঘৰলৈ যাবলৈ নিবিচাৰে তেতিয়াও এই দায়িত্ব স্বামীয়ে গ্ৰহণ কৰিব লাগিব বুলি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে ১২৫ নং চি আৰ পি চিৰ অধীনৰ নিয়ম অনুসৰি পত্নীয়ে স্বামীৰ ওৰচত উক্ত দাবী কৰিলেহে স্বামীয়ে ভৰণ- পোষণৰ দায়িত্ব ল’ব লাগিব।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে উক্ত ৰায়দান, দুটা উল্লেখনীয় গোচৰৰ আঁত ধৰি প্ৰদান কৰা হৈছে। ইয়াৰ এটা গোচৰ ঝাৰখণ্ডৰ ৰাঁচীৰ আৰু আনটো হৈছে গুজৰাটৰ। ৰাঁচীৰ ঘটনাটো আছিল- এগৰাকী বিবাহিতা মহিলাক গৰ্ভপাত কৰোৱাই স্বামীয়ে ক্ষতিপূৰণ দিব বিচৰা নাছিল।
তাৰোপৰি স্বামীয়ে প্ৰায়ে ৰীণা নামৰ পত্নীগৰাকীক নিৰ্যাতন চলাইছিল। যাৰ বাবে পত্নীয়ে স্বামীগৃহ এৰি যাবলৈ বাধ্য হৈছিল। এই সমগ্ৰ ঘটনা সম্পৰ্কত বিচাৰ চলিছিল আদালতত। ইয়াৰ পাছতে আদালতে প্ৰদান কৰা ৰায়ত অসন্তুষ্ট হৈ গোচৰীয়া পক্ষই কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চপাত স্বামীয়ে সকলো ক্ষতিপূৰণৰ লগতে মহিলাগৰাকীৰ ভৰণ- পোষণৰ দায়িত্ব ল’ব লাগিব বুলি এক ৰায়দান দিছিল। এই ৰায়ৰ পাছতে এতিয়া সকলো বিবাহিতা মহিলাৰ বাবে এক সাৰ্বজনীন ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।