Advertisment

মন গ'লেই চলাব নোৱাৰিব বুলডোজাৰঃ উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ...

উত্তৰপ্ৰদেশ, অসম সহ দেশৰ বিভিন্ন ৰাজ্যত অভিযুক্ত, অপৰাধীৰ ঘৰ বুলডোজাৰেৰে ভাঙি পেলোৱাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলি থকা এক গোচৰৰ শুনানি প্ৰদান কৰি বুধবাৰে উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিলে।

author-image
Asomiya Pratidin
New Update
প্ৰশাসন আইনৰ উৰ্ধত নহয়

ডিজিটেল ডেস্কঃ আইন হাতত তুলি লব নোৱাৰে প্ৰশাসনেও। প্ৰশাসনৰো আছে সাংবিধানিক সীমা। ন্যায়ালয়ৰ ভূমিকা লব নোৱাৰে প্ৰশাসনে। উত্তৰপ্ৰদেশ, অসম সহ দেশৰ বিভিন্ন ৰাজ্যত অভিযুক্ত, অপৰাধীৰ ঘৰ বুলডোজাৰেৰে ভাঙি পেলোৱাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলি থকা এক গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰি বুধবাৰে উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিলে।

Advertisment

এই গোচৰৰ শুনানিৰ অন্তত ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয়, আৰক্ষী প্ৰশাসনকে ধৰি সম্পূৰ্ণ প্ৰশাসন ব্যৱস্থাৰ কোনো বিচাৰক নহয়। কাকো দোষী সাব্যস্ত কৰাৰ অধিকাৰ প্ৰশাসনৰ নাই। এই অধিকাৰ কেৱল ন্যায়ালয়ৰ। কোনো বেআইনী নিৰ্মাণ ভাঙিবলৈ হলে প্ৰশাসনে এক নিৰ্দিষ্ট নিয়ম অনুসৰণ কৰিব লাগিব। এই নিয়ম কি হব সেয়াও নিৰ্ধাৰণ কৰি দিলে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশ, অসমকে ধৰি বিজেপি শাসিত ৰাজ্যসমূহত অভিযুক্তৰ ঘৰ বুলডোজাৰেৰে ভাঙি দিয়াৰ এক অগণতান্ত্ৰিক প্ৰৱণতা গঢ়লৈ উঠিছিল। উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰশাসন যন্ত্ৰই সংঘটিত কৰা এনে কাৰ্যত মুহূৰ্ততে সৰ্বস্ব হেৰুৱাইছিল বহুজনে।

ফলত দেশৰ একাংশ মানৱ অধিকাৰ কৰ্মীয়ে বিচাৰাধীন কোনো এটা গোচৰত অভিযুক্তৰ ঘৰ এইদৰে বুলডোজাৰেৰে ভাঙি শাস্তি প্ৰদান কৰাৰ অধিকাৰ সংবিধানে প্ৰশাসনক দিছে নেকি বা এয়া সাংবিধানিক ক্ষমতা হয় নে নহয় সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন।

যোৱা কেইবামাহ ধৰি উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এই গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰিলে বুধবাৰে। ন্যায়াধীশ বি আৰ গাভাই আাৰু ন্যায়াধীশ কেভি বিশ্বনাথৰ যুটীয়া বেঞ্চে গোচৰৰ ৰায় প্ৰদান কৰি কয়, বাসস্থানৰ অধিকাৰ মানুহৰ মৌলিক অধিকাৰ। এই অধিকাৰৰ পৰা মানুহক কোনেও বঞ্চিত কৰিব নোৱাৰে। এয়া অসাংবিধানিক। কোনোৱে অপৰাধ কৰিলেও তেওঁ ঘৰ ভাঙি পেলাব নোৱাৰি।

উচ্চতম ন্যায়ালয়ে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰি কয়, বিভিন্ন ক্ষেত্ৰত প্ৰশাসনে যিদৰে বিচাৰকৰ ভূমিকা পালন কৰি কাৰোবাক দোষী সাব্যস্ত কৰি পেলাইছে সেয়া ভাৰতীয় গণতন্ত্ৰৰ পৰিকাঠামোৰ সম্পূৰ্ণ বিপৰীত। আইনৰ উৰ্ধ্বত থাকি কাকো শাস্তি দিয়াৰ অধিকাৰ প্ৰশাসনৰ নাই।

ন্যায়াধীশ বি আৰ গাভায়ে পুনৰ কয়, এইদৰে প্ৰশাসনৰ ক্ষমতাৰ অপব্যৱহাৰ মানি লব নোৱাৰি।কোন দোষী আৰু কোন দোষী নহয়, সেয়া কোনো ব্যক্তিয়ে বিচাৰ কৰিব নোৱাৰে। কোনেও এইদৰে আইন হাতত তুলি লব নোৱাৰে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে আইন গণতন্ত্ৰৰহে ভিত্তি।

ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে বেআইনী নিৰ্মাণ কাৰ্যত উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত প্ৰশাসনে কি কি নিয়ম মানি চলিব লাগিব সেয়াও সোঁৱৰাই দিলে। সংবিধানৰ ১৪২ ধাৰা অনুসৰি এক নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ৰ এই যুটীয়া বিচাৰপীঠে। এই নিৰ্দেশনা শীঘ্ৰেই সমগ্ৰ দেশতে কাৰ্যকৰী হব লাগিব।

নিৰ্দেশনাত কোৱা হৈছে, এইসমূহৰ কোনো এটাও উলংঘন কৰিলে দায়ী হব সংশ্লিষ্ট বিষয়াগৰাকী। সেই ক্ষেত্ৰত ক্ষতিগ্ৰস্তক পুনৰ নিৰ্মাণৰ বাবে বিষয়াগৰাকীয়ে নিজৰ বেতনৰ পৰা ক্ষতিপূৰণ আদায় দিব লাগিব।

পথ আৰু ফুটপাথৰ মাজেৰে অথবা নদীক ভেটা দি চলোৱা নিৰ্মাণ কাৰ্য বা অবৈধ বেদখলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহব। নিৰ্দেশনাত কোৱা হৈছে, কোনো বেআইনী নিৰ্মাণ ভাঙি পেলোৱাৰ নিৰ্দেশ পাছ হলে তাক শীঘ্ৰেই কাৰ্যকৰী কৰিব নোৱাৰিব। অভিযুক্তক সেই নিৰ্দেশনাৰ বিৰুদ্ধে আবেদন কৰাৰ বাবে সময় দিয়া হব।

কেৱল অভিযোগৰ ভিত্তিত কাৰো বাসগৃহ ভাঙি পেলাব নোৱাৰিব। প্ৰথমে শ্বকজ নটিছ জাৰি কৰা হব। এই শ্বকজৰ এটা প্ৰতিলিপি বাসগৃহৰৰ বাহিৰতো লগাই থব লাগিব। এই জাননী লাভ কৰাৰ দিনৰ পৰা তেওঁলোকে ১৫ দিন সময় লাভ কৰিব। তাৰ পাছতো অতিৰিক্তভাৱে এসপ্তাহৰ সময় লাভ কৰিব।

এই নিৰ্দিষ্ট সময়সীমা অতিক্ৰম হোৱাৰ পাছত ন্যায়ালয়ৰ নিৰ্দেশসহ বিস্তাৰিত জাননী এক নিৰ্দিষ্ট পোৰ্টেলত আপলোড কৰিব লাগিব। কি কাৰণতে সেই নিৰ্মাণ ভাঙি পেলোৱা হব, কেতিয়া আবেদনৰ শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে এই সকলোবোৰ বিস্তাৰিতভাৱে তাত উল্লেখ থাকিব লাগিব। ইয়াৰ পাছত সংশ্লিষ্ট ব্যক্তিৰ আবেদনৰ শুনানিৰ অন্ততহে চূড়ান্ত নিৰ্দেশনা লাভ কৰিব।

যদি সঁচাকৈয়ে কোনো নিৰ্মাণ কাৰ্য বেআইনী নহয় তেনেহলে কৰ্তৃপক্ষইহে কাৰণ দৰ্শাব লাগিব। যদি বেআইনী নিৰ্মাণ হয় তেন্তে শেষ নিৰ্দেশনা অহাৰ পাছতো সেই স্থান ত্যাগ কৰিবলৈ ১৫ দিন ঘৰৰ মালিকে সময় লাভ কৰিব। প্ৰশাসনে এনে অবৈধ নিৰ্মাণ ভঙাৰ সময়ত সকলোবোৰ দৃশ্য ভিডিঅ কৰি ৰাখিব লাগিব আৰু সেয়া সংৰক্ষণ কৰিব লাগিব।

উল্লেখ্য যে, বুলডোজাৰ নীতিক লৈ ইয়াৰ পূৰ্বেও প্ৰশ্ন উত্থাপন কৰিছিল উচ্চতম ন্যায়ালয়ে। যোৱা ১ অক্টোবৰত এই গোচৰত এক অন্তৱৰ্তীকালীন নিৰ্দেশনাও জাৰি কৰিছিল। বুলডোজাৰেৰে অভিযুক্তৰ ঘৰ ভঙা কাৰ্যত শীৰ্ষত আছে উত্তৰ প্ৰদেশৰ যোগীৰ চৰকাৰ। তাৰোপৰি এনে অপকৰ্মৰত লিপ্ত থকাৰ অভিযোগ আছে উত্তৰাখণ্ডৰ পুষ্কৰ সিং ধামী, মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহান আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধেও।

উচ্ছেদ উচ্চতম ন্যায়ালয় বুলডোজাৰ