নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ এডিআৰ

বিহাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। তেনে সময়ছোৱাতে নিৰ্বাচন আয়োগৰ নিৰ্দেশত বিহাৰত চলি থকা ভোটাৰ তালিকাৰ এছআইআৰ (Special Intensive Revision ) প্ৰক্ৰিয়াক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-05 at 8.54.04 PM

ডিজিটেল ডেস্কঃ বিহাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। তেনে সময়ছোৱাতে নিৰ্বাচন আয়োগৰ নিৰ্দেশত বিহাৰত চলি থকা ভোটাৰ তালিকাৰ এছআইআৰ (Special Intensive Revision ) প্ৰক্ৰিয়াক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে। এই নিৰ্দেশৰ বৈধতা প্ৰশ্ন কৰি “এছ’চিয়েশ্যন অৱ ডেম’ক্ৰেটিক ৰিফৰ্ম” (ADR) নামৰ স্বেচ্ছাসেৱী সংগঠনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। সংগঠনটোৱে দাবী কৰিছে যে, নিৰ্বাচন আয়োগৰ এই পদক্ষেপ সংবিধানৰ ১৪, ১৯, ২১, ৩২৫ আৰু ৩২৬ নং অনুচ্ছেদৰ লগতে People Act, ১৯৫০ আৰু ভোটাৰ পঞ্জীয়ন নিয়ম, ১৯৬০ৰ নিয়ম ২১এ-ৰ স্পষ্ট উলংঘা কৰিছে।

Advertisment

উল্লেখযোগ্য যে, ২৪ জুনত নিৰ্বাচন আয়োগে বিহাৰত এছআইআৰ প্ৰক্ৰিয়াৰ বাবে নিৰ্দেশ জাৰি কৰিছিল। এই প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য আছিল ভোটাৰ তালিকাৰ পৰা অযোগ্য সকলৰ নাম আঁতৰোৱা আৰু কেৱল যোগ্য নাগৰিককহে তালিকাত অন্তৰ্ভুক্ত কৰা। বিহাৰত চলিত বৰ্ষৰ শেষৰ ফালে সম্ভাৱ্য বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল।

ইফালে, এডিআৰে দাখিল কৰা আৱেদনৰ অধিবক্তা প্ৰশান্ত ভূষণে উচ্চতম ন্যায়ালয়ত যুক্তি আগবঢ়াই কয় যে, “এই নিৰ্দেশ ইচ্ছাকৃতভাৱে আৰু যথাযথ আইনী প্ৰক্ৰিয়া অবিহনে জাৰি কৰা হৈছে। সঠিক নথি, উপযুক্ত পদ্ধতি আৰু যথেষ্ট সময়ৰ অনুপস্থিতিত এই অনুসন্ধান চলি থকা বাবে লাখ লাখ প্ৰকৃত ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ন্যায্য আৰু মুক্ত নিৰ্বাচন প্ৰক্ৰিয়া বিঘ্নিত হ’ব পাৰে।” তেওঁ লগতে উল্লেখ কৰে যে, “এনে ধৰণৰ হঠাৎ আৰু অসামৰ্থ্যপূৰ্ণ পদক্ষেপে ভোটাৰ তালিকাৰ ওপৰত জনসাধাৰণৰ বিশ্বাস কমাব পাৰে।”

উল্লেখ্য যে, এছআইআৰ গাইডলাইনৰ অধীনত ২০০৩ চনৰ নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত নোহোৱা ভোটাৰসকলে এতিয়া নাগৰিকত্ব প্ৰমাণ কৰা নথি দাখিল কৰিব লাগিব। ২০০৪ চনৰ ডিচেম্বৰৰ পিছত জন্মগ্ৰহণ কৰাসকলৰ বাবে এই নিৰ্দেশনাত কেৱল নিজৰ নথি-পত্ৰই নহয়, পিতৃ-মাতৃ দুয়োৰে নথি-পত্ৰও বাধ্যতামূলক কৰা হৈছে।  

আনহাতে, যিসকলৰ পিতৃ-মাতৃ বিদেশী নাগৰিক, তেনে লোকে আবেদনকাৰীৰ জন্মৰ সময়ত তেওঁলোকৰ পাছপ’ৰ্ট আৰু ভিছা জমা দিব লাগিব। ইচিআইৰ সময়সীমা অনুসৰি ভোটাৰসকলে প্ৰয়োজনীয় প্ৰ-পত্ৰ আৰু নথি-পত্ৰ জমা দিবলৈ ২৫ জুলাইলৈকে সময় আছে। তেনে নকৰিলে খচৰা তালিকাৰ পৰা বাদ পৰিব পাৰে। ৩০ ছেপ্টেম্বৰৰ ভিতৰত চূড়ান্ত তালিকা প্ৰকাশ পাব।

bihar election commission