শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰা অধিকাৰ গোচৰৰ ৰায় সংৰক্ষিত ৰাখিলে উচ্চতম ন্যায়ালয়ে...

১০ দিন ধৰি চলিছিল এই গোচৰৰ শুনানি...

author-image
Asomiya Pratidin
New Update
শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰা অধিকাৰ গোচৰৰ ৰায় সংৰক্ষিত ৰাখিলে উচ্চতম ন্যায়ালয়ে...

HIJAB CONTROVERSY

ডিজিটেল ডেস্কঃ শিক্ষানুষ্ঠানত হিজাব পৰিধান সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই গোচৰৰ ৰায় সংৰক্ষিত ৰাখিছে। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কৰা আৱেদনৰ শুনানি ১০ দিন গ্ৰহণ কৰাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Advertisment

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত গুপ্ত আৰু ন্যায়াধীশ সুধাংশু ধুলিয়াৰে গঠিত দুজনীয়া বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে কৰ্ণাটক চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে ভাৰত চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজ আৰু কৰ্ণাটক চৰকাৰৰ এডভোকেট জেনেৰেল প্ৰভুলিং কে নাভাদগিয়ে।

আনহাতে আৱেদনকাৰী মুছলিম ছাত্ৰীসকলৰ হৈ উচ্চতম ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল প্ৰখ্যাত আইনজ্ঞ ছলমান খুৰশ্বিদ আাৰু দুষ্যন্ত ডাভেই। মন কৰিবলগীয়া যে কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাপ পৰিধান কৰা অধিকাৰ সম্পৰ্কীয় এই বিতৰ্কৰ আঁৰত কট্টৰপন্থী সংগঠন পি এফ আই জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কৰ্ণাটক চৰকাৰে। কিন্তু শুনানিৰ সময়ছোৱাত এই অভিযোগৰ বিষয়টোক আওকান কৰে ন্যায়ালয়ে।

hijab controversy supreme court karnataka