/asomiyapratidin/media/media_files/2025/11/10/1-2025-11-10-15-32-38.jpg)
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে জামিয়াত উলামা-ই-হিন্দ আৰু অল অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দ্বাৰা দাখিল কৰা এক ৰিট আবেদনৰ আধাৰত নিৰ্দেশনা জাৰি কৰিছে। ভাৰত সংঘ আৰু নাগৰিক পঞ্জীয়ন মহাপঞ্জীয়কক অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে বিধিগত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
আবেদনকাৰীসকলে চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত নাগৰিকসকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ জাৰি কৰাৰ বাবে আদালতৰ নিৰ্দেশনা বিচাৰিছিল। লগতে বিদেশী ন্যায়াধিকৰণৰ সন্মুখত আইনী সিদ্ধান্ত ল’ব পৰাকৈ এন আৰ চিৰ পৰা বাদ পৰা লোকসকলক ৰিজেকচন শ্লিপ প্ৰদান কৰি তেওঁলোকৰ ক্ষেত্ৰত বৈধ আৱেদন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিবলৈ আৱেদনত উল্লেখ কৰিছিল।
আবেদনকাৰীসকলে মূলতঃ উত্থাপন কৰা অভিযোগ অনুসৰি, চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ ছয় বছৰ অতিক্ৰম কৰা পাছতো চৰকাৰী কর্তৃপক্ষই আইনৰ দ্বাৰা নিৰ্ধাৰিত আৱশ্যক পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ বিফল হৈছে। ইয়াৰ ভিতৰত যোগ্য বুলি ধৰা পৰা ৩.১১ কোটি নাগৰিকক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰাটোও অন্তৰ্ভুক্ত আছিল।
এনে ধৰণৰ কেবাটাও পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত চূড়ান্ত এন আৰ চি এক অসম্পূৰ্ণ হোৱা বুলি আৱেদনকাৰীসকলে যুক্তি আগবঢ়ায়। অসাংবিধানিক, স্বেচ্ছাচাৰী আৰু সংবিধানৰ ১৪ আৰু ২১ নং অনুচ্ছেদ উলংঘা কৰা হৈছে বুলিও অভিযোগ কৰে আৱেদনকাৰীয়ে।
উল্লেখ্য যে, আৱেদনকাৰীৰ সকলো যুক্তি তথা আৱেদন চালিজাৰি চাই উচ্চতম ন্যায়ালয়ে শেষত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, লোকপিয়ল আয়ুক্ত আৰু ৰাজ্যিক এন আৰ চি সমন্বয়কলৈ জাননী জাৰি কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us