Advertisment

ৰাহুল গান্ধীক সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ

ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে। কংগ্ৰেছ নেতাগৰাকীয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল।

author-image
Asomiya Pratidin
New Update
ZXC

ডিজিটেল ডেস্কঃ   ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা মানহানিৰ গোচৰত নেতাগৰাকীক সকাহ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে এই গোচৰৰ কাৰ্যবিধি স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।

Advertisment

ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে। কংগ্ৰেছ নেতাগৰাকীয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল। মানহানিৰ গোচৰ বাতিল কৰিবলৈ ৰাহুল গান্ধীৰ আবেদন নাকচ কৰিছিল উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, ২০১৯ চনত গান্ধীয়ে ঝাৰখণ্ডৰ চৈবাছাত ৰাজহুৱা সভাত অমিত শ্বাহক “হত্যাকাৰী” বুলি উল্লেখ কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিছিল বিজেপি কৰ্মী নবীন ঝাই। এয়া বিজেপিৰ বিৰুদ্ধে অপমানজনক মন্তব্য আৰু ইয়াৰ ফলত দল আৰু অমিত শ্বাহৰ ভাবমূর্তি আঘাত হানিছে বুলি দাবী কৰিছিল ঝাই ৷

ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাক লৈ গঠিত বিচাৰপীঠে গান্ধীৰ আবেদনৰ প্ৰতি সঁহাৰি বিচাৰি ঝাৰখণ্ড চৰকাৰ আৰু নবীন ঝাক জাননী জাৰি কৰে। গান্ধীয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই যিয়ে পূৰ্বে এই গোচৰৰ বিচাৰ আদালতৰ কাৰ্য্যবিধি বাতিল কৰিবলৈ তেওঁৰ আবেদন নাকচ কৰিছিল।

ৰাহুল গান্ধী