উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিল ইডিঃ এমাহৰ ভিতৰত আদায় দিব লাগিব ১ লাখ টকাৰ জৰিমণা...

enforcement directorate
enforcement directorate

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিল প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ই ডি। এজন কৰ্কট ৰোগত আক্ৰান্ত অভিযুক্তৰ জামিন বাতিলৰ দাবীত খৰ্গহস্ত হৈ পৰিল উচ্চতম ন্যায়ালয়। ন্যায়ালয়ে ইডিৰ এই কাণ্ডক সমালোচনা কৰাৰ লগতে এজন বিষয়াক ১ লাখ টকাৰ জিৰমণাও বিহিছে।

উচ্চ ন্যায়ালয়ে কৰ্কট আক্ৰান্ত ব্যক্তিগৰাকীৰ জামিন নাকচ কৰিবলৈ কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতৰ সময় নষ্ট কৰাৰ বাবে চোকা সমালোচনা কৰিছে। আৱেদন কৰা বিষয়াগৰাকীক ১ লাখ টকাৰ জৰিমণা আদায় দিবলৈও নিৰ্দেশনা প্ৰদান কৰিছে।

উল্লেখ্য যে এটা ব্যক্তিগত বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে ২৪ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ উঠাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰৰ পিছত ২০২১ৰ ১২ নৱেম্বৰত এলাহবাদ উচ্চ ন্যায়ালয়ে বেংক বিষয়াগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবেই জামিন প্ৰদান কৰিছিল। এলাহবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই ই ডিয়ে উচ্চতম ন্যয়ালয়ত দাখিল কৰিছিল আন এখন আৱেদন।

এই আৱেদনৰ শুনানি গ্ৰহণ কৰিয়েই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এম আৰ শ্বাহ আৰু এম এম সুন্দেশ্ৰ দুজনীয়া বিচাৰপীঠ কয় যে, কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবেই অভিযুক্তজনক ইতিমধ্যে এলাহবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে। গতিকে এই বিষয়ত শীৰ্ষ ন্যায়ালয়ৰ হস্তক্ষেপৰ কোনো প্ৰয়োজন নাই।

আদালতৰ সময় অপচয় কৰাৰ বাবে ই ডিক ১ লাখ টকাৰ জৰিমণা প্ৰদান কৰি এই ধন এমাহৰ ভিতৰত পৰিশোধ কৰিবলৈও নিৰ্দেশ দিছে। এই ১ লাখ টকাৰ ৫০ হাজাৰ টকা ৰাষ্ট্ৰীয় আইনীসেৱা কৰ্তৃপক্ষক প্ৰদান কৰা হ'ব আৰু অৱশিষ্ট ৫০ হাজাৰ টকা উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতা আৰু মীমাংসা প্ৰকল্প সমিতিক হস্তান্তৰ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in