চিবিএছইৰ পৰীক্ষা বাতিলৰ বিৰুদ্ধে দাখিল কৰা আৱেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ…

চিবিএছইৰ পৰীক্ষা বাতিলৰ বিৰুদ্ধে দাখিল কৰা আৱেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ…

author-image
asomiyapratidin
New Update
চিবিএছইৰ পৰীক্ষা বাতিলৰ বিৰুদ্ধে দাখিল কৰা আৱেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ…

ফাইল ফটো

ডিজিটেল ডেস্কঃ চিবিএছই আৰু চিআইচিএছই ব'ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা সিদ্ধান্তৰ বিৰুদ্ধে জাৰি কৰা আৱেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ে কয় যে- চৰকাৰ আৰু ব'ৰ্ড ছাত্ৰ-ছাত্ৰীসকলক লৈ চিন্তিত। সেয়েহে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

লগতে ন্যায়ালয়ে কয়- '২০ লাখ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব। গতিকে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা কৰিব লাগিব। ইয়াৰ দায়িত্ব কোনে ল'ব? এয়াও নিশ্চিত নহয় যে পৰীক্ষা আয়োজন কৰিব পৰা যাব নে নাযায়। ব'ৰ্ডে ছাত্ৰ-ছাত্ৰীসকলৰ কথা শুনিয়েই পৰীক্ষা বাতিল কৰিছে।' আৱেদনকাৰীক উচ্চতম ন্যায়ালয়ে লগতে জনাই যে- ন্যায়ালয়ে পৰীক্ষা বাতিল কৰা সিদ্ধান্তত সহমত প্ৰদান কৰিছে।