/asomiyapratidin/media/media_files/2024/12/17/mQdkbQnULwkiba3aGsgi.jpg)
ডিজিটেল ডেস্ক : মাদক দ্ৰব্য সেৱন কৰি নিজকে শান্ত কৰি নোৱাৰি। দৰাচলতে মাদক দ্ৰব্য নিজকে শান্ত কৰি ৰখা বস্তু নহয়। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠৰ।
দেশৰ যুৱ সমাজৰ মাজত মাদক দ্ৰব্য সেৱনৰ প্ৰৱণতা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় বি ভি নাগৰত্ন আৰু এন কোটিশ্বৰ সিংহই এনেদৰে কয়। পাকিস্তানৰ পৰা সমুদ্ৰ পথেৰে ভাৰতলৈ মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত বিপান কাপুৰ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে তদন্ত চলাইছিল ‘নিয়া’ই।
উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰি সোমবাৰে বিচাৰপীঠে কয় যে মাদক দ্ৰব্য সেৱনে কেৱল আসক্ত লোকৰেই আৰ্থ- সামাজিক আৰু মনস্তাত্বিক ক্ষতি নকৰে, বৰঞ্চ দেশৰ যুৱ সমাজৰ উজ্জল ভৱিষ্যতকো ধ্বংস কৰে।