Advertisment

ইউ পিৰ পৰা মেঘালয়লৈ বুলি সৰবৰাহ : নিউ গুৱাহাটীত আবদ্ধ ৪ শ ম’হৰ গৰাকীৰ সন্ধান নাই

নিউ গুৱাহাটী ষ্টেচনৰ বিজি য়াৰ্ডত সাধাৰণতে চিমেণ্ট প্লেণ্টৰ ক্লিনকাৰ নমোৱা ৰে’লপথত বিয়লি ৫-০০ বজাত ৰ’লহি এখন বিশেষ মালবাহী ৰে’ল। সাধাৰণ মালবাহী ৰে’লতকৈ পৃথক প্ৰতিটো ডবাৰ বহন ক্ষমতা ২৪ মেট্ৰিক টনৰ এই ৰে’লখনত আছিল ৩০টাৰো অধিক ডবা।

author-image
Asomiya Pratidin
New Update
নিউ গুৱাহাটীত আবদ্ধ ৪ শ ম’হৰ গৰাকীৰ সন্ধান নাই

নিউ গুৱাহাটীত আবদ্ধ ৪ শ ম’হৰ গৰাকীৰ সন্ধান নাই

ডিজিটেল ডেস্ক : নিউ গুৱাহাটী ষ্টেচনৰ বিজি য়াৰ্ডত সাধাৰণতে চিমেণ্ট প্লেণ্টৰ ক্লিনকাৰ নমোৱা ৰে’লপথত বিয়লি ৫-০০ বজাত ৰ’লহি এখন বিশেষ মালবাহী ৰে’ল। সাধাৰণ মালবাহী ৰে’লতকৈ পৃথক প্ৰতিটো ডবাৰ বহন ক্ষমতা ২৪ মেট্ৰিক টনৰ এই ৰে’লখনত আছিল ৩০টাৰো অধিক ডবা।

Advertisment

বিশেষভাৱে সজোৱা এই ডবাসমূহ আন মালবাহী ৰে’লৰ ডবাতকৈ আছিল অত্যধুনিকভাৱে সজ্জিত। ৩-০০ বজাতে সেই স্থানত বিশেষ ৰে’লখন ৰাখিব পৰাকৈ ৰে’ল কৰ্তৃপক্ষই সাজু কৰি ৰাখিছিল যদিও দুঘণ্টা পলমকৈহে এই বিশেষ ৰে’লখন ইয়াত উপস্থিত হয়।

ইউ পিৰ পৰা মেঘালয়লৈ বুলি সৰবৰাহ
ইউ পিৰ পৰা মেঘালয়লৈ বুলি সৰবৰাহ

 

ৰাইজে শুনিলে আচৰিত হ’ব যে ইয়াত চিমেণ্ট প্লেণ্টৰ ক্লিনকাৰ অথবা অন্যান্য বয়- বস্তুৰ পৰিৱৰ্তে আছিল- প্ৰায় ৪০০ টা মতা ম’হ। প্ৰতিটো ডবাতে ১৮- ২০ টাকৈ প্ৰকাণ্ড ম’হৰ তদাৰক কৰাৰ বাবে আছিল দুজনকৈ কৰ্মচাৰী আৰু সিহঁতৰ খাদ্য সামগ্ৰী তথা পানী।

Supply from UP to Meghalaya
Supply from UP to Meghalaya

 

এনে এখন ৰে’ল আহি থকাৰ খবৰ সংবাদ মাধ্যমে পূৰ্বে পাইছিল। সম্ভৱতঃ তেনে আশংকা কৰিয়েই সাধাৰণতে নিউ গুৱাহাটীত বয়- বস্তু নমোৱা বিজি য়াৰ্ডৰ পৰিৱৰ্তে এনেদৰে সন্ধিয়াৰ আন্ধাৰৰ সুযোগ লৈ বিজি য়াৰ্ডৰ বিপৰীত ফালে ৰে’লখন ৰখোৱা হ’ল যদিও সাংবাদিকসকলে ভিতৰত সোমাই থকা কৰ্মচাৰীক ডবাৰ দুৱাৰ খুলিবলৈ বাধ্য কৰালে।

ইউ পিৰ পৰা মেঘালয়লৈ বুলি সৰবৰাহ.
ইউ পিৰ পৰা মেঘালয়লৈ বুলি সৰবৰাহ.

 

লগে লগে সাংবাদিকৰ কেমেৰাত ভাহি উঠিল বিশাল সংখ্যক ম’হ সৰবৰাহৰ এক বিৰল দৃশ্য। কেমেৰাৰ সন্মুত ম’হৰ তদাৰক কৰি অহা কৰ্মচাৰীসকলে কোনো তথ্যই প্ৰকাশ কৰিবলৈ ৰাজি নহ’ল যদিও, তেওঁলোকৰ মতে ৪ দিন পূৰ্বেই উত্তৰ প্ৰদেশৰ ফাৰুকাবাদৰ পৰা এই মতা ম’হসমূহ লৈ ৰে’লখন আহি আছিল। আৰু ম’হসমূহৰ চালান দিয়া গৰাকীৰ নাম জনৈক মুচাৰফ বুলিও কৰ্মচাৰীসকলে জানিবলৈ দিয়ে।

 

Supply from UP to Meghalaya
Supply from UP to Meghalaya

 

কিছু সময় এনেদৰে সোধা- পোছা কৰি থাকোতে আৰ পি এফৰ বৃহৎ সংখ্য জোৱান উপস্থিত হৈ ৰে’লখন ঘেৰি ধৰে আৰু সাংবাদিকসকলক দূৰত অৱস্থান কৰিবলৈ আহ্বান জনায়। ইফালে ৰে’লৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে, ম’হখিনি চমজি ল’বলৈ গৃহস্থ আহি পোৱাৰ পাছতহে সৰবৰাহ সম্পৰ্কীয় তথ্য সাংবাদিকক দেখুৱাবলৈ সক্ষম হ’ব। তেওঁলোকে লগতে কয় যে বৰ্তমানলৈকে মেঘালয়লৈকে লৈ যাবলগীয়া ম’হসমূহ গৃহস্থ আহি পোৱা নাই বাবে তেওঁলোকে তেঁওলোকৰ কৰ্তব্য হ’ল আৰ পি এফৰ জৰিয়তে সুৰক্ষা প্ৰদান কৰি ম’হসমূহক ৰখি থকাটো। পিছে ৰে’ল কৰ্তৃপক্ষ আৰু আৰ পি এফৰ লগতে ম’হৰ সৈতে অহা কৰ্মচাৰীসকলে গৃহস্থৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰিলেও প্ৰতিটো ম’হৰ কাণত একোটা স্টিকাৰ লগাই থোৱাৰ উপৰিও পি এম এছ এণ্টাৰপ্ৰাইজ নামৰ এক প্ৰতিষ্ঠানৰ নামত জনৈক মুচাৰফে ম’হসমূহ সৰবৰাহ কৰা বুলি কৰ্মচাৰীসকলে জানিবলৈ দিছে।

Supply from UP to Meghalaya
Supply from UP to Meghalaya

 

ইফালে বিজি য়াৰ্ডৰ বিপৰীত দিশৰ সাধাৰণ ৰে’লপথত জন্তু সৰবৰাহ কৰা ৰে’লখন ৰখাৰ লগতে গৰাকী আৰু আনুষ্ঠানিক পাৰ পত্ৰ দেখুৱাবলৈ অপৰাগতা প্ৰকাশ কৰা ৰে’ল কৰ্তৃপক্ষৰ ভূমিকাকলৈ সন্দেহ ঘনীভূত হৈছে ৰাইজৰ । স্থানীয় সূত্ৰই জানিবলৈ দিয়া মতে এনেদৰে নিশাৰ সময়ত গাহৰি সৰবৰাহ কৰা ৰে’লৰ পৰা বৃহৎ সংখ্যক গাহৰি ট্ৰাকত তুলি অজ্ঞাত স্থানলৈ নিয়াৰ দৃশ্য বহুতে দেখিছে। কিন্তু আজি য’ত ৰে’লখন ৰাখি থোৱা আছে সেই স্থানত বৃহৎ আকাৰৰ জন্তু নমোৱা নহয় অথবা নমোৱাটো সম্ভৱো নহয়।

এনে পৰিপ্ৰেক্ষিততে সকলোৰে মনত এই জন্তুসমূহ দুগ্ধ উৎপাদন তথা সম্প্ৰসাৰণৰ সৈতে জড়িত নহয় বুলিয়েই বহুতৰ সন্দেহ হৈছে।

guwahati RPF indian railways Buffalo Seized