/asomiyapratidin/media/media_files/2025/06/26/255-2025-06-26-16-12-23.jpg)
ডিজিটেল সংবাদ, শিলচৰ : অৱশেষত ‘অসমীয়া প্ৰতিদিন ডিজিটেল’ৰ বাতৰিৰ পিচতে গা লৰিল কাছাৰ জিলা প্ৰশাসনৰ। কাছাৰ জিলাৰ গেমন সেতু মেৰামতি আৰু হাৰাং সেতু ভাঙি পৰাৰ পিচত মেঘালয় সীমান্তৰ ৰাতাছেৰা, মালিদহৰ আৰু দিগৰখালত আবদ্ধ হৈ পৰিছিল হাজাৰ হাজাৰ মালবাহী ট্ৰাক।
বিগত ৭/৮ দিন ধৰি আৱদ্ধ হোৱা চালক আৰু হেণ্ডিমেন খাদ্য আৰু খোৱাপানীৰ সমস্যাত ভুগিব লগা হৈছিল। আনকি পইচাৰ অভাৱত একাংশ চালক হেণ্ডিমেন অনাহাৰে দিন কটাবলগীয়া হৈছিল।
সোমবাৰে অসমীয়া প্ৰতিদিন ডিজিটেলত চালক আৰু হেণ্ডিমেনৰ এনে দুৰ্দশাৰ বাতৰি সবিস্তাৰে প্ৰচাৰ হৈছিল। অনাহাৰে থকা চালক আৰু হেণ্ডিমেনসকলে খাদ্য আৰু এটুপী খোৱপানী যোগান ধৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনাইছিল।
এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে কাছাৰ প্ৰশাসনে অনাহাৰে থকা চালক আৰু হেণ্ডিমেনসকলৰ মাজত খাদ্যৈ সামগ্ৰী আৰু খোৱাপানী বিতৰণ কৰে। বুধবাৰ আৰু আজি মালিদহৰ আৰু দিগৰখালত আৱদ্ধ ট্ৰাক চালক আৰু হেণ্ডিমেনসকলৰ মাজত খাদ্য যোগান ধৰে প্ৰশাসনে।
আনহাতে ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰা শিলচৰ- হাফলং ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ ট্ৰাক চালক আৰু হেণ্ডিমেনসকলৰ মাজতো খাদ্য সামগ্ৰী যোগান ধৰে কাছাৰ জিলা প্ৰশাসনে। ইফালে কেইবাদিন ধৰি খাদ্য সংকটত ভোগা চালক আৰু হেণ্ডিমেনসকলে খাদ্য সামগ্ৰী আৰু খোৱাপানী লাভ কৰাত ধন্যবাদ জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।